পলাশবাৰী, ১৯ জুলাই, ২০২৩ : সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনকলৈ (Panchayat Election) তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। কঁকালত টাঙনি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কর্মী। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই পলাশবাৰী সমষ্টিৰ ৰাজনৈতিক দল সমূহৰ নেতা-কর্মী।

এইবাৰ পঞ্চায়ত নিৰ্বাচনে নিৰ্ধাৰণ কৰিব পলাশবাৰীৰ ছাত্ৰ নেতা জোন গোস্বামীৰ ভবিষ্যত। কি হ’ব পলাশবাৰীৰ ছাত্ৰ নেতা জোন গোস্বামীৰ? এতিয়া পলাশবাৰীত ইয়াকেলৈ চলিছে চৰ্চা। আগন্তক পঞ্চায়ত নিৰ্বাচনতে ৰাজনৈতিক পথাৰখনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে পলাশবাৰীৰ এই গৰাকী ছাত্ৰ নেতাই।

অসম গণ পৰিষদৰ টিকটত পঞ্চায়ত নিৰ্বাচন যুঁজিব নেকি ছাত্ৰ নেতা জোন গোস্বামীয়ে?ইতিমধ্যে সামাজিক মাধ্যমযোগে জোন গোস্বামীয়ে পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা স্পষ্ট কৰিছে। পলাশবাৰী সমষ্টিত বহু বেয়া দিনৰ পৰা অসম গণ পৰিষদ দলটোৰ হৈ কাম কৰি আহিছে এই গৰাকি ছাত্ৰ নেতাই৷

ডা° কমলা কান্ত কলিতাৰ সো-হাত স্বৰূপ এই গৰাকী ছাত্ৰ নেতা জোন গোস্বামীয়ে লাভ কৰিব নে অসম গণ পৰিষদৰ টিকট, নে জোন গোস্বামী হৈ পৰিব অসম গণ পৰিষদৰ পৰা এলাগি। যদিহে জোন গোস্বামীয়ে অসম গণ পৰিষদৰ টিকটৰ পৰা বঞ্চিত হয় তেনেহলে পিন্ধিব নেকি গেৰুৱা বসন? জোন গোস্বামীয়ে ত্যাগ কৰিব নেকি অসম গণ পৰিষদ।

পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সৈতে আছে জোন গোস্বামীৰ মধুৰ সম্পৰ্ক। ডা° কমলা কান্ত কলিতাৰ ওপৰত নিৰ্ভৰ কৰিব জোন গোস্বামীৰ টিকট। যদিহে অসম গণ পৰিষদ দলৰ টিকট বঞ্চিত হ’ব লগা হয় তেনেহলে গেৰুৱা বসন পিন্ধিয়ে হেমাংগ ঠাকুৰীয়াৰ আৰ্শীবাদত টিকট লাভ কৰা সম্ভৱনা প্ৰায় নিশ্চিত।