Child Marriage : বাল্য বিবাহৰ বিৰুদ্ধে এসপ্তাহত ৪০০৪ টা গোচৰ ৰুজু

In ৰাজ্য
Umra Package

Sharfaraz Khan

গুৱাহাটী : বাল্য বিবাহৰ (Child Marriage) বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। বাল্য বিবাহৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে ব্যাপক অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে যোৱা এসপ্তাহত অসমত প্ৰায় ৪০০৪ টা গোচৰ ৰুজু কৰা হৈছে।

অসম চৰকাৰে ৰাজ্যখনত বাল্য বিবাহ নিৰ্মূল কৰাৰ সংকল্প গ্ৰহণ কৰিছে। অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি বাল্য বিবাহৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। যোৱা এসপ্তাহত ৰাজ্যজুৰি অসম আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ বিৰুদ্ধে ৪,০০৪ টা গোচৰ পঞ্জীয়ন কৰিছে।

আগন্তুক দিনবোৰত অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এতিয়ালৈকে পঞ্জীয়ন কৰা গোচৰ সমূহৰ ওপৰত ৩ ফেব্ৰুৱাৰীৰ পৰা ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে এক টুইটযোগে জানিবলৈ দিয়ে। মই সকলোকে সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছো,” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে কিছুমান সম্প্ৰদায়ত কম বয়সতে বিবাহৰ বিষয়ে কৈছিল। তেওঁ ৰাজ্যখনত বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে দৃঢ় সংকল্প গ্ৰহণ কৰা বুলিও জানিবলৈ দিছিল। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্যত ধুবুৰীত বাল্য বিবাহৰ বিৰুদ্ধে সৰ্বাধিক ৩৭০ টা গোচৰ ৰুজু কৰা হৈছে।

ধুবুৰীৰ পিছত হোজাইত ২৫৫ টা গোচৰ আৰু ওদালগুৰিত ২৩৫ টা গোচৰ ৰুজু হৈ আছে। ডিমা হাচাওত বাল্য বিবাহৰ ঘটনাৰ সংখ্যা আটাইতকৈ কম। ১৯২৯ চনৰ আইন অনুসৰি, ১৪ বছৰৰ তলৰ ছোৱালী আৰু ১৮ বছৰৰ তলৰ ল’ৰাৰ বিবাহ নিষিদ্ধ কৰা হৈছিল। বিবাহৰ ক্ষেত্ৰত মহিলা সকলৰ বাবে নিম্নতম বয়স ১৮ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ বছৰলৈ বৃদ্ধি কৰিবলৈ ১৯৭৮ চনত আইনখন সংশোধন কৰা হৈছিল।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu