নগাঁও : আৰক্ষীৰ জালত ৫৮ জনকৈ লোক (58 Caught)। ট্ৰেভেলাৰ ভাড়া কৰি বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা কৰা ৫৮ জনক আটক। কেৰেলালৈ পলায়নৰ চেষ্টা কৰা লোক কেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে অসম আৰক্ষীৰ অভিযান তীব্রতৰ হৈ উঠিছে। অসম আৰক্ষীৰ অভিযানৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ। আৰক্ষীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা চলাইছে বহু লোকে। বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা চলোৱা ৫৮ জনকৈ লোক আৰক্ষীৰ জালত পৰিছে।

বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে। ৰাজ্যজুৰি নাবালিকাক বিয়া কৰোৱা স্বামীৰ বিৰুদ্ধে চলা আৰক্ষীৰ অভিযানত আতংকিত হৈ পৰিছে বহু লোক। বৃহস্পতিবাৰৰ পৰা চাল আৰক্ষীৰ অভিযানত ইতিমধ্যে নাবালিকাক বিয়া কৰোৱা কেইবাজনো লোক জালত পৰিছে। নগাঁও, ধুবুৰী, লখিমপুৰ, মাজুলী আদি বিভিন্ন অঞ্চলৰ বাল্য বিবাহৰ লগত জড়িত বহু লোকক আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীৰ এই অভিযান দেখি বাল্য বিবাহৰ লগত জড়িত বহু লোকে পলায়ন আৰম্ভ কৰিছে। নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বাল্য বিবাহৰ অভিযুক্ত সকল বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা চলাই আছে। বৃহস্পতিবাৰে নিশাৰ ভাগত বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা চলোৱা ৫৮ জনকৈ লোকক আটক কৰিছে নগাঁও আৰক্ষীয়ে। ৰূপহীহাট আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ট্ৰেভেলাৰ ভাড়া কৰি বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা কৰা ৫৮ জনক আটক কৰি জেৰা চলাই আছে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে প্ৰকাশ কৰিছিল যে ৰাজ্যত ৰাজ্যত বাল্য বিবাহৰ ৪০০৪ টা গোচৰ ৰুজু হৈ আছে। ৩ ফেব্ৰুৱাৰী পৰা এই গোচৰ সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও টুইটযোগে প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে। ৪০০৪ টা গোচৰৰ ভিতৰত ধুবুৰী জিলাত সৰ্বাধিক ৩৭০ টা গোচৰ ৰুজু হৈ আছে। ধুবুৰীৰ পিছতে আছে আছে হোজাই জিলা। হোজাইত ২৫৫ টা গোচৰ ৰুজু হৈ আছে। ওদালগুৰি জিলাত ৰুজু হৈ আছে ২৩৫ টা গোচৰ।