জোনমণি বেগম

বিশ্বনাথ : মঙলবাৰৰ পৰা আৰম্ভ হৈছে ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ ব্যাপক ভীৰ পৰিলক্ষিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিশ্বনাথ জিলাত মুঠ ২৪ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে।

বিশ্বনাথ মহকুমাত ১৩ টা কেন্দ্ৰ আৰু গহপুৰ মহকুমাত ১১ কেন্দ্ৰত ছাত্ৰী-ছাত্ৰী সকলে পৰীক্ষাত অবতীৰ্ণ হৈছে। এইবাৰ জিলাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ১০,৮২৩ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অবতীৰ্ণ হৈছে। তাৰ ভিতৰত বিশ্বনাথ সদৰৰ বিশ্বনাথৰ আদৰ্শ বিদ্যাপীঠ, পাভৈ হাইস্কুল, বিশ্বনাথঘাট হাইস্কুল, চাৰিআলি একাডমী আৰু চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয় মুঠ ৫ টা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত ব্যাপক ভীৰ দেখা গৈছে।

যোৱা ২০২১ বৰ্ষত পৰীক্ষা বিশ্বব্যাপী ক’ভিড মহামাৰীৰ বাবে পৰীক্ষা অনুষ্ঠিত নোহোৱাত এইবেলি সকলো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মাজত দেখা পোৱা গৈছে ব্যাপক উৎসাহ। পুৱাৰ ভাগত পৰীক্ষা কেন্দ্ৰ সমূহত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলে এইবাৰ ভাল ফলাফলৰ আশা কৰিছে।