আজিজ আলী
বাক্সা : পুনৰ এগৰাকী কিশোৰীৰ ওপৰত চলিল যৌন নিৰ্যাতন। ১১ বছৰীয়া কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলালে এজন ৫৫ বছৰীয়া লোকে। ১১ বছৰীয়া কিশোৰী গৰাকীক ধর্ষণৰ অচেষ্টা চলায় ৫৫ বছৰীয়া ভৈৰৱ বৰ্মন নামৰ এজন লোকে।

ৰাজ্যত সুৰক্ষিত নহয় যুৱতী-কিশোৰী সকল। এটাৰ পিছত আনটো ধর্ষণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। মহানগৰী গুৱাহাটীৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক ৫ জনকৈ লম্পটে ধর্ষণ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ এগৰাকী কিশোৰীক ধৰ্ষণৰ অচেষ্টা চলিল।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বাক্সা জিলাত। পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ আনন্দপুৰ চি ব্লকত। এগৰাকী ১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলালে এজন লম্পটে।ভৈৰৱ বৰ্মন নামৰ এজন ৫৫ বছৰীয়া লোকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।

কিশোৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লম্পট ভৈৰৱ বৰ্মনে পানী খোৱাৰ চলেৰে কিশোৰী গৰাকীৰ ঘৰত প্ৰৱেশ কৰি অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল। কিশোৰী গৰাকীৰ চিঞৰ শুনি ঘৰৰ ওচৰত থকা লোকে কিশোৰী গৰাকীক উদ্ধাৰ কৰি লম্পটজনক আটক কৰে।

কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাত বৰবৰী আৰক্ষীয়ে অভিযুক্ত লম্পটজনক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান বৰবৰী আৰক্ষী থানাত থকা লম্পট ভৈৰৱ বৰ্মনক উচিত শাস্তি দিয়াৰ দাবী জনাইছে ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে গাওবাসীয়ে।