জোনমণি বেমগম

বিশ্বনাথ : বিশ্বনাথত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত নগদ ৩ লাখ টকাসহ মুঠ ৭ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়। ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। 

সোমবাৰে পুৱাৰ ভাগতে বিশ্বনাথ জিলাৰ জিনজিয়াত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। পল্টন বছাক নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ পিছতে পল্টন বছাকৰ ঘৰত থকা দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হয়।

গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ লেলিহান শিখাই পল্টন বছাকৰ ঘৰৰ কাষতে থকা অনা দুটা ঘৰলৈ বিয়পি পৰে। অগ্নিকাণ্ডত নগদ ৩ লাখ টকাসহ ঘৰৰ সকলো সা-সামগ্ৰী জ্বলি চাৰখাৰ হোৱাৰ লগতে বহু হাঁহ-কুকুৰা জুইত জাহ যায়। অগ্নিকাণ্ডত মুঠ ৭ লাখ টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ লোক স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।