জোনমণি বেগম
বিশ্বনাথ : ছাগলী চোৰৰ উপদ্ৰৱত নিদ্ৰা হৰণ বিশ্বনাথবাসীৰ। নিশা হ’লেই বিশ্বনাথৰ বিভিন্ন অঞ্চলত আৰম্ভ হয় ছাগলী চোৰৰ সন্ত্ৰাস। নিশা হ’লেই বিলাসী বাহন লৈ চোৰৰ দল ওলাই আহি ছাগলী চুৰ কৰিবলৈ। চোৰ ধৰাত বিফল বিশ্বনাথ আৰক্ষী। 

বিগত কিছুদিন ধৰি বিশ্বনাথৰ বিভিন্ন অঞ্চলত গৰু আৰু ছাগলী চোৰে উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে নিদ্ৰা হৰণ কৰি আহিছে বিশ্বনাথবাসীৰ। নিশা হোৱাৰ লগে লগে বিশ্বনাথৰ বিভিন্ন অঞ্চলত মানুহৰ ঘৰৰ পৰা চোৰে গৰু আৰু ছাগলী চোৰ কৰি নিয়ে। কিন্তু আজি পৰ্যন্ত ধৰা পৰা নাই এজনো চোৰ।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ছাগলী চোৰৰ দলটোৱে বিলাসী বাহন লৈ আহে ছাগলী চুৰ কৰিবলৈ। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ওচৰত ৰাইজে অভিযোগ দিয়াৰ পিছতো আজি পৰ্যন্ত এজনো চোৰৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। ধাৰাবাহিকভাৱে চোৰৰ দলটো গৰু আৰু ছাগলী চুৰ কৰি নিয়াত সফল হৈ আছে।

শনিবাৰে নিশাও পুনৰ বিশ্বনাথৰ মৰলগাঁৱৰ বিশ্বনথীয়া পামৰ মুকুল গগৈৰ ঘৰৰ পৰা চোৰে চুৰ কৰি নিলে ১০ টাকৈ ছাগলী। প্ৰায় ৭০-৮০ হাজাৰ টকাৰ মূল্যৰ ৫ টাকৈ খাছী পাঠাৰ লগতে ৪ জনী গাভিনী ছাগলী চোৰে লৈ যায়। ইফালে, গৃহস্থই জানিব দিয়া অনুসৰি চোৰে নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰি ছাগলী সমূহ চুৰ কৰি নিয়ে।

চোৰৰ দলটোৱে এৰি যোৱা ছাগলী পোৱালীকেইটা অৱচেনত অৱস্থাত পৰি থকা পৰিলক্ষিত হৈছে। এই চুৰিকাণ্ড সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে বিশ্বনাথ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ পৰা কোনো যোগাত্মক সহাঁৰি লাভ কৰা নাই বুলি পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে।