জোনমণি বেগম

বিশ্বনাথ : ৰঙালী বিহুৰ প্ৰাকক্ষণত বিশ্বনাথ জিলা আৰক্ষীৰ বৃহৎ সাফল্য। সোমবাৰে নিশা বিশ্বনাথ জিলা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬০ কেজি নকল সোণ। আৰক্ষীয়ে খেদি খেদি নকল সোণ লৈ অহা এখন এল্ট গাড়ী আটক কৰে। আটক এজন নকল সোণ সৰবৰাহকাৰী।

সোমবাৰে নিশা বিশ্বনাথ জিলাৰ বৰগাঙ আৰু বিহালী আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ৬০ কেজি নকল সোণ জব্দ কৰিবলৈ সক্ষম হয়।লখিমপুৰ দিশৰ পৰা এএছ-০৭-টি-১৫৪৫ নম্বৰৰ এখন বগা এল্ট গাড়ী তীব্ৰ বেগত আহি থকা দেখা পাই আৰক্ষীয়ে গাড়ীখন ৰখিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষীৰ নিৰ্দেশ নামানি গাড়ীখন তেজপুৰ দিশলৈ পলায়ন কৰে। লগে লগে আৰক্ষীৰ সন্দেহ ওপজে আৰু বিহালী আৰু বৰগাঙ আৰক্ষীয়ে খেদি খেদি গাড়ীখন আটক কৰিবলৈ সক্ষম হয়। গাড়ীখনত তালাচী চলাই আৰক্ষীয়ে গাড়ীখনৰ পৰা প্ৰায় ৬০ কেজি নকল সোণ উদ্ধাৰ কৰে। নকল সোণৰ সৰবৰাহ লগত জড়িত এজনক আটক কৰে আৰক্ষীয়।

নকল সোণসহ আৰক্ষীয়ে আটক কৰা লোকজন হাছিনুৰ ৰহমান বুলি জানিব পৰা গৈছে। মঙলবাৰে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই সমষ্ট ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে বিশ্বনাথৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক নবিন সিঙে। সংবাদ মেলত আৰক্ষী অধীক্ষকৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাও উপস্থিত আছিল।