আজিজ আলী

মুকালমুৱা : দুধৰ্ষ ডকাইত দিলৱাৰ আলী আৰক্ষীৰ গুলীত আহত। সোমবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয় দুধর্ষ ডকাইত দিলৱাৰ আলী। চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল দুধর্ষ ডকাইতজনে।

ৰাজ্যত অব্যাহত আছে অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। ৰাজ্যত পুনৰ অপৰাধীক লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰিলে। এইবাৰ নলবাৰী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰা দিলৱাৰ আলী নামৰ এজন দুধর্ষ ডকাইত নলবাৰী আৰক্ষীৰ গুলীত আহত হৈছে।

নলবাৰী জিলাৰ কাপলাবড়ীত নিশা দৌলাশাল আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলায়। আৰক্ষীৰ অভিযান সময়ত
দুধৰ্ষ ডকাইত দিলৱাৰ আলীয়ে আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষী বাধ্য হৈ গুলী চালনা কৰে। আৰক্ষীৰ গুলীত দুধৰ্ষ ডকাইত দিলৱাৰ আলী আহত হয়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে আহত দিলৱাৰ আলীক চিকিৎসালয়ত ভৰ্তি কৰে। উল্লেখ্য যে নলবাৰীত ট্ৰাক অপহৰণৰ লগতে কেইবাটাও ডকাইতিকাণ্ডত লগত জড়িত আছিল দুধর্ষ ডকাইত দিলৱাৰ আলী। অৱশেষত আৰক্ষীয়ে দিলৱাৰআলীক অভিযান চলাই আটক কৰিবলৈ যাওঁতে আৰক্ষীৰ গুলীত আহত হয় ডকাইতজন।