সোণতলী : সোণতলীত ভয়ংকৰ ভূমি কেন্দ্ৰিক সংঘাত। ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত আহত হৈছে ৯ গৰাকীকৈ লোক। সোণতলীৰ জাওকাটাদিয়াত এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হোৱা সংঘাতত ৯ গৰাকীকৈ পুৰুষ-মহিলা আহত হয়।

সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত জাওকাটাদিয়া গাঁৱত বুধবাৰে বিয়লি এডোখৰ ভূমি লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। এই মাৰপিটৰ ঘটনাত ৯ গৰাকীকৈ পুুৰুষ-মহিলা গুৰুত্বৰভাৱে আহত হয়।জাওকাটাদিয়া গাঁৱৰ আব্দুল কাদেৰ আৰু আজগৰ আলীৰ মাজত এডোখৰ ভূমিক লৈ দীৰ্ঘদিন ধৰি সংঘাত চলি আছিল।

আব্দুল কাদেৰ নামৰ লোকজনে বুধবাৰে বিয়লি নিজ ভূমিত কাম কৰি থকা অৱস্থাত আজগৰ আলীৰ ফৈদৰ ১৫ জনীয়া এটা দলে আব্দুল কাদেৰৰ ওপৰত আক্ৰমণ চলায়। প্ৰচণ্ড মাৰপিটত আব্দুল কাদেৰৰ ফৈদৰ ৬ জনকৈ লোক গুৰুত্বৰভাৱে আহত হোৱাৰ বিপৰীতে আজগৰ আলীৰ পৰিয়ালৰ ৩ জনকৈ লোক আহত হয়৷

এই ভূমি কেন্দ্ৰিক সংঘাত আহত হয় শুকুৰজান বেওৱা, আব্দুল কাদেৰ, নূৰ উদ্দিন, আতোৱাৰ হুছাইন, শ্বৰিফুল ইছলাম, সাকিল আহমেদসহ ৯ গৰাকীকৈ লোক। আহত আব্দুল কাদেৰ, নূৰ উদ্দিন, আতোৱাৰ হুছাইন, শ্বৰিফুল ইছলাম, সাকিল আহমেদক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷