আজিজ আলী

মুকালমুৱা : এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। বিচনাখনেই সংগী পৰিয়ালটোৰ এটি ৪ বছৰীয়া কণমাণিৰ। পখিলা খেদা বয়সত বিচনাখনেই সংগী হৈ পৰিছে এটি কণমাণিৰ। বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও কণমানিটোৱে কি বেমাৰত ভুগিছে সেয়াও আজিকোপতি জানিব নোৱাৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱে।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩ নম্বৰ বৰতলা গাঁৱৰ এটি অসহায় পৰিয়াল। উল্লেখ্য যে নয়ন দাস আৰু বিতুমণি দাসৰ একমাত্ৰ কন্যা সন্তান অনিচা দাস জন্মৰ এবছৰ পিছৰে পৰা মুখৰ মাত বোল নোহোৱাৰ লগতে খোজকাঢ়িবও নোৱাৰা হৈ পৰে। কন্যা সন্তানটিৰ চিকিৎসা বাবে মাটি-বাৰী সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হোৱা এই পৰিয়ালটোৱে বর্তমান টকাৰ অভাৱত আধৰুৱা কৰিবলগীয়া হৈছে কন্যা সন্তানটিৰ চিকিৎসা।

৪ বছৰীয়া কণমাণিজনী কেৱল অসহায়ভাৱে বিচনাত পৰি চকুৰে চাই থাকিবলগীয়া হৈছে। অসহায় পৰিয়ালটিৰ মুৰব্বী নয়ন দাসে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰভাৱে অনুৰোধ জনাইছে যাতে তেওঁলোকৰ সন্তানটিৰ উন্নতমানৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে ৯০৬২৫১২৬৮২১/৮১৩৩৯৯৬৫৯৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।

আর্থিকভাৱে শিশুটিক সহায় কৰিব বিচৰা সদাশয় লোকে কন্যা শিশুটিৰ পিতৃ নয়ন দাসৰ মুকালমুৱাস্থিত ষ্টেট বেংকৰ আইএফএছচি কোড : এছবিআইএন০০১১৬১০, একাউণ্ট নম্বৰ ৩৯৬০০৮৭৬৩৪১ত আৰ্থিকভাৱে সাহাৰ্য আগবঢ়াব পাৰিব। ৰাজ্য চৰকাৰৰ লগতে দুৰ্ভগীয়া পৰিয়ালটো এতিয়া সহায়ৰ বাবে অপেক্ষা কৰিছে অসমবাসী ৰাইজৰ।