গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই হাতত লৈছে এক দুঃসাহসিক অভিযান। প্ৰদূষণমুক্ত সাগৰৰ সজাগতা সৃষ্টিৰ বাবে তিনিদিন পানীত থাকিব এলভিছ আলী হাজৰিকা। তিনিদিন দিনে-নিশাই সাঁতুৰিব আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা।

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই বুধবাৰে গুৱাহাটীত এক সংবাদমেল অনুষ্ঠিত কৰে। সাঁতুৰবিদ গৰাকীয়ে এক দুঃসাহসিক অভিযান হাতত লোৱা বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে। ভয়াবহ প্ৰদূষণৰ কবলত পৰা সাগৰ প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দুঃসাহসিক অভিযান হাতত লৈছে সাঁতোৰবিদ গৰাকীয়ে।

অসম সন্তান আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই এইবাৰ ৰেকৰ্ড সংখ্যক ১৬৮ কিলোমিটাৰ সাঁতুৰি সাগৰ প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে সজাগতা অভিযান চলাব। সাঁতোৰবিদ গৰাকীয়ে ইণ্ডো-আৰবিয়ান গেটৱেৰ ‘গেটৱে মুম্বাই চাৰ্কুল চুইমিং’ নামাকৰণ কৰিছে এই অভিযান। মুম্বাইত আৰব সাগৰত অহা ৮ মাৰ্চৰ পৰা এই অভিযানৰ আৰম্ভ কৰিব এলভিছ আলী হাজৰিকাই।

৮ মাৰ্চৰ পৰা ১০ মাৰ্চ পৰ্যন্ত তিনিদিন পানীত থাকি দিনে-নিশাই সাঁতুৰিব আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ গৰাকীয়ে। ১০ মাৰ্চত গেটৱে অব ইণ্ডিয়াত এই অভিযানৰ সামৰণি মাৰিব সাঁতোৰবিদ গৰাকীয়ে। বৰ্তমান চুইমিং পুল আৰু ব্ৰহ্মপুত্ৰ নদীৰ বুকুত প্ৰশিক্ষণ চলাই আছে এলভিছ আলী হাজৰিকাই।