অমিনুৰ ৰহমান
শিৱসাগৰ : শিৱসাগৰত পুনৰ এগৰাকী বন কৰা নাবালিকাৰ মৃত্যু। এগৰাকী ৯ বছৰীয়া বন কৰা নাবালিকাৰ মৃত্যু হৈছে শিৱসাগৰত। বন কৰা নাবালিকা গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি নিশা শিৱসাগৰত সৃষ্টি হয় তীব্র উত্তেজনা। কিছুদিন পূৰ্বে শিৱসাগৰত এগৰাকী ১৪ বছৰীয়া বন কৰা কিশোৰীয়ে আত্মহত্যা কৰিছিল।

শিৱসাগৰ জিলাত কিছুদিন পূৰ্বে এগৰাকী ১৪ বছৰীয়া বন কৰা কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। কিশোৰী গৰাকীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছিল। পৰবৰ্তী সময়ত আত্মহত্যা কৰা কিশোৰী গৰাকী গৰ্ভৱতী আছিল বুলিও জানিব পৰা গৈছিল। ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে তদন্ত চলাই নগাঁও জিলাৰ পৰা এজন যুৱকক আটক কৰিছিল।

১৪ বছৰীয়া বন কৰা কিশোৰী গৰাকীৰ আত্মহত্যাৰ ঘটনাৰ পিছতে পুনৰ এগৰাকী বন কৰা নাবালিকাৰ মৃত্যু হৈছে শিৱসাগৰত। ৯ বছৰীয়া বন কৰা নাবালিকা গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিৱসাগৰত। নাবালিকা গৰাকীৰ মৃত্যুৰ পিছতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পৰিস্থিতি উত্তপ্ত কৰি তোলে ৰাইজে। পৰিস্মিতা দত্ত আৰু বিতুপন ঢেকিয়াল ফুকনৰ ঘৰত কৰ্মৰত আছিল নাবালিকা গৰাকী।

শিৱসাগৰ নগৰৰ সমীপৰ চেৰেকাপাৰৰ নাহৰণি খনিকৰ গাঁৱত পৰিস্মিতা দত্ত আৰু বিতুপন ঢেকিয়াল ফুকনৰ ঘৰত বন কৰা হিচাপে কৰ্মৰত আছিল নাবালিকা গৰাকী। নাবালীকা গৰাকীৰ দেহত আঘাতৰ চিন পোৱা বুলি জানিব পৰা গৈছে। শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত নাবালিকা গৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।