গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ে বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰিলে। গোলাঘাট জিলা কাৰাগাৰত বন্দী হৈ থকা বর্ষাশ্ৰী বুঢ়াগোহাঁৰ অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল। ফেচবুকত বিতৰ্কিত কবিতা পোষ্ট কৰি ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধৰ গ্ৰেপ্তাৰ হৈছিল বর্ষাশ্ৰী বুঢ়াগোহাঁই।

ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধৰ অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা ছাত্ৰী বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানী গ্ৰহণ কৰা হয়। বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰে। জামিন লাভ কৰি এতিয়া মুকলি আকাশৰ তললৈ আহিব বর্ষাশ্ৰী বুঢ়াগোহাঁই।

উল্লেখ্য যে ফেচবুকত এক বিতৰ্কিত কবিতা পোষ্ট কৰাৰ বাবে বর্ষাশ্ৰী বুঢ়াগোহাঁইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোলাঘাট জিলা কাৰাগাৰত বন্দী কৰি ৰাখিছিল। যোৱা ১৮ মে’ৰ পৰা বর্ষাশ্ৰী বুঢ়াগোহাঁই গোলাঘাট জিলা কাৰাগাৰত বন্দী হৈ আছে। বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্ৰতিক্ৰিয়াৰ। কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত অৱতীৰ্ণ হৈছিল বর্ষাশ্ৰী বুঢ়াগোহাঁই।