বৰপেটা, ৪ মেঃ বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত শিমলাগুৰিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ  বৃহৎ পৰিমানৰ গাঞ্জা সহ এজন সৰবৰাহকাৰীক আটক কৰে বৰপেটা আৰক্ষীয়ে৷ বৰপেটা আৰক্ষীয়ে এছএছবিৰ সহযোগত এক গোপন সূত্রৰ পম খেদি চলোৱা অভিযানত উদ্ধাৰ হয় গাঞ্জাখিনি৷ ঘটনাৰ বিৱৰনী মতে ওদালগুৰীৰ পৰা দুই গাঞ্জা ব্যৱসায়ী ক্ৰমে দিলীপ দৈমাৰী আৰু ৰাজু তাঁতীয়ে এএছ১৬ছি ৩৯১৮ নম্বৰৰ বডোলেন্ড ট্ৰেন্সপোৰ্ট বাছেৰে গাঞ্জাখিনি কোকৰাঝাৰলৈ নিয়াৰ সময়তে আৰক্ষীৰ হাতত গাঞ্জাখিনি ধৰা পৰে৷ শিমলাগুৰীত বাছখন ৰখাৰ পিছত আৰক্ষী তালাচী চলোৱা সময়ত দিলীপ দৈমাৰীয়ে পলায়ন কৰে যদিও আনজন গাঞ্জা ব্যৱসায়ী ৰাজু তাঁতী আৰক্ষীৰ জালত পৰে৷ আৰক্ষীয়ে উদ্ধাৰ কৰা গাঞ্জাখিনি পৰিমান প্ৰায় ১৪ কেজি৷ আটকাধীন ব্যৱসায়জনক আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে৷