গুৱাহাটী, ৫ মেঃ ত্ৰিপুৰাৰ সুন্দৰী এক্সপ্ৰেছত গুৱাহাটীলৈ আহিল ৬ কোটি টকা মূল্যৰ সোণ। গুৱাহাটী ৰেল ষ্টেচনত ৬ কোটিৰ সোণ চাবলৈ লাগিল ভিৰ। ২০ কেজি ওজনৰ বৃহৎ পৰিমাণৰ সোণখিনি লৈ আহিছিল এগৰাকী মহিলাসহ চাৰিজন লোকে। বৰাকৰ বদৰপুৰৰ পৰা এই বৃহৎ পৰিমাণৰ সোণখিনি লৈ নতুন দিল্লীলৈ যোৱাৰ পথত মহিলাসহ চাৰিজন লোক পৰিল চৰকাৰী ৰেল আৰক্ষীৰ জালত। পুৱা ভাগত গুৱাহাটী ৰেল ষ্টেচনত চৰকাৰী ৰেল আৰক্ষীৰ জোৱানসকলে চেকিং কৰি থকাৰ সময়ত ত্ৰিপুৰাৰ সুন্দৰী এক্সপ্ৰেছত নতুন দিল্লীলৈ চোৰাং ভাবে নিয়া বৃহৎ পৰিমাণৰ সোণ ধৰা পৰে। এই বৃহৎ পৰিমাণৰ সোণৰ লগতে আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজনকৈ লোকক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। ইমান বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰৰ জানিব পাৰি বহুলোক গুৱাহাটী ৰেল আৰক্ষীৰ থানাৰ বাহিৰত সোণ চাবলৈ ভিৰ কৰে। উল্লেখ্য যে যোৱা চাৰি মাহত গুৱাহাটী ৰেল ষ্টেচনত চোৰাং ভাবে সৰবৰাহ কৰা প্ৰায় ৫০ কেজি সোণ ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷