গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : পুনৰ পুনৰাবৃত্তি ঘটিছে অভি-নীল কাণ্ডৰ। ৰত্নাকৰ ছবি উপভোগ কৰি উভতি অহাৰ পথত এটা সৰু পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাৰ-পিট দুই যুৱকক। ঘটনাটো সংঘটিত হৈছে নগাঁওৰ ডৱকাত।

কৰ্মসূত্ৰে নগাঁওত বাস কৰা গুৱাহাটীৰ কাকীৰ নিবাসী দ্বীপজ্যোতি কলিতা আৰু শিৱসাগৰৰ বকতাৰ নিবাসী হৰেশ গগৈয়ে সোমবাৰে নিশা শেহতীয়াকৈ মুক্তি লাভ কৰা ছবি ৰত্নাকৰ উপভোগ কৰি উভতি আহিছিল। উভতি অহাৰ পথতেই এক সৰু দুৰ্ঘটনাৰ সংঘটিত হয় যুৱক দুজনৰ দ্বাৰা। যাৰ বাবে স্থানীয় ৰাইজে বেয়াই মাৰ-ধৰ কৰে যুৱকজনক।

সম্প্ৰতি যুৱক দুজন গুৱাহাটীৰ ক্ৰিটিকেল কেয়াৰত চিকিৎসাধীন অৱস্থাত আছে । দুয়োজনৰে অৱস্থা খুবেই সংকটজনক।

শিৱসাগৰৰ হৰেশ গগৈক ভেন্টিলেছনত ৰখা হৈছে আৰু গুৱাহাটীৰ দ্বীপজ্যোতি কলিতাক আই চি ইউত, ৰখা হৈছে। সম্প্ৰতি মৃত্যুৰ সৈতে যুঁজি আছে দুই যুৱকে।