বঙাইগাঁও, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : বঙাইগাঁওৰ বিধান সভাৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীৰ সমষ্টিত কাঠৰ দলং ভাঙি পানীত পৰিল মহেন্দ্ৰা মিনি ট্ৰাক ৷

জিলাখনৰ কুঁজীয়া নৈৰ ওপৰত থকা একমাত্ৰ দলং খন সম্প্ৰতি পানীৰ তলত । স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সমষ্টিৰ বেতবাৰী-চোৰাপাৰা সংযোগী একমাত্ৰ কাঠৰ দলং খনৰ পৰা তলত সৰি পৰিল গাড়ী ৷

সোমবাৰে দিনৰ ১ মান বজাত মিনি ট্ৰাকখন কাঠৰ দলং খনৰে পাৰ হ’ব ধৰা সময়তে তলত সৰি পৰিল ৷
ভাগ্যক্ৰমে কোনেও হতাহত নহল ৷ গাড়ীৰ ভিতৰত থকা পাচঁজন লোক কঠোমপি প্ৰাণ ৰক্ষা ৷

উল্লেখযোগ্য যে ২০০২ চনতে প্ৰজেক্ট প্ৰহৰীৰ অধীনত সেইসময়ৰ আৰক্ষী সঞ্চালক হৰেকৃষ্ণ ডেকাই উদ্বোধন কৰিছিল এই কাঠৰ দলং খন ৷

ৰাইজৰ একমাত্ৰ যাতায়াতৰ ভৰষা কুঁজীয়া নৈৰ ওপৰত থকা দলংখনৰ এই অৱস্থাত হাহাকাৰ লাগিছে ৰাইজৰ মাজত । যোগাযোগো বিচ্ছিন্ন হৈছে।

ৰাইজৰ ক্ষোভ স্থানীয় বিধায়কক বহু বাৰ অনুৰোধ কৰাৰ পাছতো ইয়াত এখন পকি দলং নহল ৷

স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আৰু অঞ্চলটোৰ বিভিন্ন লোকৰ যাতায়াতৰ একমাত্ৰ ভৰষা এইখন দলং কিন্ত কোনো কানসাৰ নাই চৰকাৰ প্ৰশাসনৰ ।

অতিকৈ দুৰ্ভাগ্যজনক কথা যে বিগত ৩৫ টা বছৰ উক্ত সমষ্টিৰ পৰা নিৰ্ব্বাচিত হৈ অহা বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীয়েও কোনো গুৰুত্ব প্ৰদান কৰা নাই।