গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : ৰাজপথ কপালে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । অসম সৰ্বশি‌ক্ষা অভিযান মিছন সঞ্চালকালয় সন্মুখত ৰন্ধন কৰ্মী সকলৰ ধৰ্ণা কাৰ্যসূচী।

কন কন শিশু শিক্ষাৰ্থী সকলক খাদ্য যোগান ধৰা ৰান্ধনী সকলে মাত্ৰ ৩৩ টকা দিন হাজিৰাৰে নিজ কাৰ্য্য সম্পাদন কৰি আহা কাৰ্যক বৰ্তমানৰ চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াত তীব্ৰ বিৰোধীতাৰে চৰকাৰক সকিয়নী ।

অতি শীঘ্ৰেই তেওঁ লোকৰ দাবী পুৰণ নকৰিলে আৰু অধিক ভয়ংকৰ ভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ ।

উল্লেখযোগ্য যে ১৯৯৫ চনতে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা মধ্যাহ্ন ভোজন আঁচনিখনৰ অসমত ৰূপায়ন হৈছিল ২০০৫ চনত । কোনোধৰণৰ মাননী নোলোৱাকৈ কাম কৰি অহা মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মচাৰীসকলে ২০০৯ চনৰ ডিচেম্বৰৰ পৰা মাত্ৰ বছৰটোৰ দহমাহৰ বাবে মাহিলী ১০০০ টকাকৈ মাননী লাভ কৰিলে তাকো বহুতো আন্দোলনৰ পাছত ।

ইফালে সম্প্ৰতি সমগ্ৰ আঁচনিখনকেই বেচৰকাৰীকৰণ অৰ্থাৎ অসমৰ প্ৰাথমিক শিক্ষা আয়ুক্ত স্বাক্ষৰিত নিৰ্দেশিকা মৰ্মে অন্য ১৫ টা অনাচৰকাৰী সংস্থালৈ হস্তান্তৰ কৰিব বিচৰাক লৈও কাহিলিপাৰা স্থিত মিছন শিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে।