গুৱাহাটী, সংবাদ ৩৬৫, ১৬ অক্টোবৰ : অসম কৃষি বিশ্ববিদ্যালয়,সদৌ অসম বাণিজ্যিক পক্ষী পালক আৰু ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত অহা ১৭, ১৮ আৰু ১৯ অক্টোবৰলৈ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ এখন বাণিজ্যিক পক্ষী মেলাৰ আয়োজন কৰিছে।

ৰাজ্যখনত কণী আৰু মাংসৰ ক্ৰমবৰ্ধিতৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হ’ব মেলা খনৰ।

উক্ত মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ বহুজাতিক কোম্পানী, গৱেষক, উদ্যোগী আৰু প্ৰগতিশীল হাঁহ কুকুৰা পালকে ব্যৱহাৰ কৰিবলৈ লোৱা যন্ত্ৰ-পাতি, দানা, ঔষধ আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব।

ইয়াৰ ওপৰি এই মেলাত কুকুৰা পালন, হাঁহ পালনৰ লগতে ভিন্ন প্ৰজাতিৰ চৰাই পালনৰো বিশেষ কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব।