গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত দেওবাৰে সমবেত হয় গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠনৰ শতাধিক লোক ।
সমবেত স্থানত লোকসকলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসযজ্ঞৰ বাবে ।
প্ৰকৃতি সুৰক্ষাৰ এই অভিযানত নাগৰিকৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে অংশ লয়।
প্রতিকূল বতৰকো আওকাণ কৰি প্ৰকৃতি, পক্ষীকূল সুৰক্ষাৰ দাবী জনাই হাতত শ্লোগানৰ বেনাৰ লৈ সকলোৱে দীঘলীয়া মানৱ শৃংখল গঢ়ে।
উল্লেখযোগ্য যে ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ভালেমান গছ কটাৰ আশংকা কৰা হৈছে ।
দলংখন নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বিস্তৰ ক্ষতি হ’ব। কাৰণ এই অঞ্চলত থকা গছবোৰত বিভিন্ন চৰাই-চিৰিকটিয়ে বাস কৰে। ঠিক সেইদৰে শিশুৰ পৰা বৃদ্ধলৈও উদ্যানখন অতি গুৰুত্বপূৰ্ণ।
সেয়ে এই সকলোবোৰ চালি-জাৰি চাই পাৰদৰ্শী ব্যক্তি একত্ৰিত হৈ এখন কাৰিকৰী সমিতি গঠন কৰে আৰু সুৰক্ষাৰ বাবে সমবেত লোকসকলে দাবী জনায় ।