নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : সম্পূৰ্ণ ৭ বছৰৰ পাছত অন্তত ৰাজ্যত দেওবাৰে পুনৰ অনুষ্ঠিত হৈছে টেট পৰীক্ষা। এই পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৩ লাখ ৯৬ হাজাৰ ৫৬১ গৰাকী প্ৰাৰ্থী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৫৮৭ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা।

উল্লেখযোগ্য যে শিক্ষকৰ যোগ্যতা নিৰূপণৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনত ২০১২ চনত চনত তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল।

আনহাতে টেট পৰীক্ষাৰ্থীয়ে যাতে এইবাৰৰ পৰীক্ষাত কোনোধৰণৰ বেয়া পন্থা অৱলম্বন কৰিব নোৱাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে জানিব পৰা অনুসৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ উত্তৰ বহীসমূহ জমা দিয়াৰ সময়তো তেওঁলোকৰ সাক্ষৰ কৰিব লাগিব ।