গুৱাহাটী, সংবাদ ৩৬৫,১০ নৱেম্বৰ : দেওবাৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্য্যালয় ‘কেশৱ ধাম’ত “দত্তোপন্ত ঠেংগড়ী” জীৰ জন্মশতবাৰ্ষিকী সমাৰোহ উদযাপন সমিতিৰ এক পুষ্পাঞ্জলি তৰ্পণ কার্যসূচী অনুষ্ঠিত হয়।

অখিল ভাৰতীয় সহ-সম্পর্ক প্ৰমুখ তথা মুখ্য অতিথি শ্ৰী সুনীল দেশপাণ্ডে বন্তি প্ৰজ্জলন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে।
শতাধিক লোকৰ উপস্থিতি অনুষ্ঠানত শ্ৰদ্ধাৰ ঠেংগড়ী জীৰ জীৱনৰ ওপৰত আধাৰিত, শ্ৰী শংকৰ দাস ডাঙৰীয়াৰ দ্বাৰা লিখিত এখন পুষ্টক উন্মোচন কৰে শ্ৰী শশীকান্ত চৌথাইৱালে।

অনুষ্ঠানৰ মুখ্য বক্তা শ্ৰী শংকৰ দাসে অজাতশত্ৰু ঠেংগড়ী জীৰ জীৱন দৰ্শনৰ ওপৰত মন্তব্য দাঙি ধৰি কয় যে যেতিয়া দেশত কেৱল বামপন্থী বিচাৰধাৰাই হে শ্ৰমিক সকলক উদ্ধাৰ কৰিব পাৰে,এনে ভাৱধাৰা আছিল,সেই সময়ত ঠেংগড়ী ডাঙৰীয়াই ৰাষ্ট্ৰবাদী বিচাৰধাৰাৰ দ্বাৰা সঞ্চালিত ‘ভাৰতীয় মজদুৰ সংঘ’ৰ স্থাপন কৰে আৰু দেশৰ চুকে কোনে ৰাষ্ট্ৰবাদৰ প্ৰচাৰ কৰে।