নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দৰিদ্ৰ মানুহৰ দেশ হিচাপে পৰিগণিত হৈছে ভাৰতবৰ্ষ । বিশ্ব বেংকৰ তথ্য অনুসৰি বিশ্বৰ প্ৰতিজন দুখীয়া লোকৰ ভিতৰত এজন ভাৰতীয় ।

তথ্য অনুসৰি ভাৰতত দৈনিক ১২০ টকাতকৈও কম খৰছত নিজৰ পৰিয়াল চলায় দৰিদ্ৰ লোকসকলে । দৰিদ্ৰ সীমাৰেখাৰ তলত আছে দেশৰ প্ৰায় ২২.৪ কোটি মানুহ ।

ভাৰতত দুখীয়া মানুহৰ সংখ্যা বিশ্বৰ আটাইতকৈ দুখীয়া দেশ নাইজেৰিয়াতকৈও বেছি । নাইজেৰিয়াতকৈ প্ৰায় ২.৫ গুণ অধিক দৰিদ্ৰ লোকে বাস কৰে ভাৰতত । ইফালে ভাৰতত ক্ষুধাতুৰৰ সংখ্যাও ক্রমশঃ বৃদ্ধি পাই আহিছে।

বিশ্ব ক্ষুধাতুৰৰ সূচকাংকৰ তথ্য অনুসৰি ভাৰতৰ স্থান বাংলাদেশতকৈও তললৈ নামিছে । ১১৯ খন দেশৰ ভিতৰত এইক্ষেত্ৰত ১০০ভাৰত নম্বৰ স্থানত আছে ।