ফজলুৰ ৰহমান

সোণতলী 

২৬ জুলাই

দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত হৈছে ডকাইতি কাণ্ড। ব্যৱসায়ী এজন ডেগাৰেৰে হানি ধন লুটি নিয়াৰ অপচেষ্টা৷ বছিৰ উদ্দিন নামৰ ডকাইতে আক্ৰমন কৰে ব্যৱসায়ী ৰবিউল হুছেইনক।

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত দেওবাৰে নিশাৰ ভাগত সংঘটিত হৈ এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।সোণতলীৰ বৰ আৰিকাটিত গাঁৱৰ বাসিন্দা ৰবিউল হুছেইন নামৰ কাপোৰৰ ব্যাৱসায়ী এজন নিশা সোণতলী বজাৰৰ পৰা নগধ ধন লৈ ঘৰলৈ ওভতাৰ পথত বছিৰ উদ্দিন নামৰ এজন ডকাইতে ব্যৱসায়ী জনক ডেগাৰেৰে আক্ৰমণ কৰি ধন লুটি নিয়াৰ চেষ্টা চলাই। বছিৰ উদ্দিন নামৰ ডকাইত জনে ব্যৱসায়ী জনক আক্ৰমণ কৰাৰ লগে লগে ব্যৱসায়ী জনে চিঞৰি দিয়াত ধনৰ এৰি ডকাইত বছিৰ উদ্দিন পলায়ন কৰে। আক্ৰমনত গুৰুত্বৰভাৱে আহত হোৱা ব্যৱসায়ীজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় কিছুমান ৰাইজে ব্যৱসায়ী জনক উদ্ধাৰ কৰি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

ডকাইত ৰূপী বছিৰ উদ্দিন আৰু কাপোৰ ব্যৱসায়ী ৰবিউল হুছেইন একে গাঁৱৰে বাসিন্দা বুলিও জানিব পৰা গৈছে। ডকাইতিৰ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।