গুৱাহাটী
২৭ জুলাই
ৰাজ্যৰ বান সমস্যা প্ৰতিৰোধ আৰু বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মানৱ শৃংখল কাৰ্যসূচী। দক্ষিণ কামৰূপৰ গৰৈমাৰীত শতাধিক আমছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালে লখিমপুৰ জিলাটো দেখা গ’ল আমছুৰ বৃহৎ মানৱ শৃংখল কাৰ্য্যসূচী।
সমগ্ৰ ৰাজ্যতে সোমবাৰে সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্যৰ বান সমস্যা প্ৰতিৰোধ আৰু বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায়। উজনি-নামনিৰ বিভিন্ন অঞ্চলৰ লগতে দক্ষিণ কামৰূপৰ গৰৈমাৰীটো আমছু কর্মীয়ে মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনায়। আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ শতাধিক কৰ্মীয়ে গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰাৰ বাবে আমছু কৰ্মীয়ে চৰকাৰক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়৷ মানৱ শৃংখল কাৰ্যসূচীত আমছুৰ ৰাজ্যিক কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক আবুল কালাম আজাদৰ লগতে দক্ষিণ কামৰূপ জিলা আমছুৰ সভাপতি ইমদাদ হুছেইনও অংশগ্ৰহণ কৰে৷
আনহাতে লখিমপুৰ জিলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গ’ল আমছুৰ বৃহৎ মানৱ শৃংখল কাৰ্য্যসূচী। বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ সদিচ্ছা নাই বুলি মন্তব্য প্ৰকাশ কৰে লখিমপুৰ জিলা আমছু কৰ্মীয়ে। ৰাজ্যৰ বান আৰু গৰাখহনীয়াগ্ৰস্ত লোক সকলক উপযুক্ত ক্ষতিপূৰণৰ লগতে ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ বিজ্ঞানসন্মত সমাধানৰ দাবী কৰে আমছু কৰ্মীয়ে।