গুৱাহাটী 

২৭ জুলাই

উজনি অসমত বিজপিৰ সাংগঠনিক ভেটি সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি অহা যুৱ নেতা গীতাৰ্থ গোস্বামীক সহযোগী সাংগঠনিক সচিব পদবীৰ পৰা অব্যাহতি দিয়াৰ ঘটনাক লৈ বিজেপি দলৰ তৃণমুল পৰ্যায়ৰ একাংশ নেতা কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। গীতাৰ্থ গোস্বামীক অব্যাহতি দিয়াৰ ঘটনাক লৈ ৰহস্যৰো গোন্ধ পাইছে বহুতে।

উজনি অসমৰ ১২খন জিলাৰ লগতে তিনিটাকৈ লোকসভা সমষ্টি ক্ৰমে ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰৰ বিজেপি দলৰ সাংগঠনিক দায়িত্বত আছিল গীতাৰ্থ গোস্বামী। ৰাজ্যৰ এগৰাকী অতি প্ৰভাৱশালী মন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি জনাজাত তথা কেশৱ ধামৰেও মধুৰ সম্পৰ্ক থকা গীতাৰ্থ গোস্বামীৰ সাংগঠনিক তৎপৰতাৰ বাবেই উজনি অসমত বিজেপি দলৰ শক্তি পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে বুলি দলৰে কিছুমান কৰ্মীয়ে দাবী কৰিব খোজে। তেনে ক্ষেত্ৰত অব্যাহতি কিয় ? নাম প্ৰকাশত অনিশ্চুক এক সুত্ৰই সদৰি কৰা মতে সন্মুখত যিহেতু বিধানসভাৰ নিৰ্বাচন সেয়ে গীতাৰ্থ গোস্বামীৰ জৰিয়তে উজনি অসমতো প্ৰভাৱশালী মন্ত্ৰী গৰাকীয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ আশংকা কৰিছিল বহুতে। আন এক সুত্ৰৰ মতে সভাপতি ৰঞ্জিত দাসৰ সৈতেও সাংগঠনিক বিষয় লৈ গীতাৰ্থ গোস্বামীৰ আছিল মত বিৰোধ।

তদুপৰি গীতাৰ্থ গোস্বামী গৰু চিণ্ডিকেটকে ধৰি বিভিন্ন চিণ্ডিকেটৰ বিৰুদ্ধেও গ্ৰহণ কৰি আহিছিল সৰৱ ভুমিকা। তেনে ক্ষেত্ৰত গীতাৰ্থ গোস্বামী কাৰ ষড়যন্ত্ৰৰ বলি হৈ পদৱী হেৰুৱালে সেয়া কোৱা টান।