ফজলুৰ ৰহমান

সোণতলী 

১৬ আগষ্ট

দক্ষিণ কামৰূপৰ সোণতলীত ব্ৰহ্মপুত্ৰ নদীয়ে কালৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গঢ়াখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে নৈ পৰিয়া ৰাইজৰ বাবে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ লগতে বহু লোকৰ ঘৰ।

দক্ষিণ কামৰূপৰ সোণতলীৰ নৈ পৰিয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গঢ়াখহনীয়া। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ গঢ়াখহনীয়াই কালৰূপ ধাৰণ কৰি থকাত সোণতলীৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে জাহ গৈছে নৈৰ বুকুত। সোণতলীৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি, কুৰিখনতকৈও অধিক গাঁৱৰ লগতে স্বাস্থ্যকেন্দ্ৰ আৰু কেইবাখনো শিক্ষানুষ্ঠানো গঢ়াখহনীয়াৰ কবলত পৰি ইতিমধ্যে নিচিহ্ন হৈছে। চলিত বছৰত প্ৰলয়ংকাৰী বানৰ কবলত পৰা অঞ্চলটোলৈ পুনৰ পূৰ্বৰ দৰেই ভাবুকি কঢ়িয়াই আনিছে গঢ়াখহনীয়াই।

সোণতলীত লুইতৰ জলপৃষ্ট পুনৰ বৃদ্ধি পোৱাত সোণতলীৰ বিভিন্ন অঞ্চলত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ গঢ়াখহনীয়া৷ বিশেষ পানীখাইতীত প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে এখনৰ পিছত আনখন পৰিয়ালৰ বাসগৃহ৷ পূৰ্বেও অঞ্চলটোত কুৰিখনতকৈ অধিক গাঁৱৰ লগতে এখন স্বাস্থ্যকেন্দ্ৰ, বহু কেইখন শিক্ষানুষ্ঠানৰ আৰু বজাৰ জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত৷ গঢ়াখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত হাজাৰ হাজাৰ বিঘা কৃষিভূমি আৰু আপোন ঘৰখন জাহ যোৱাত দিশ-বিদিশ হেৰুৱাই অঞ্চলটোৰ কিছুমান লোকে গুৱাহাটী মহানগৰীত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিব লগীয়া হৈছে।

ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ব্যস্ত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ লগতে চৰকাৰ আৰু প্ৰশাসন। গঢ়াখহনীয়া ৰোধৰ নামত পঞ্চায়তৰ ফালৰ পৰা কিছু পৰিমানে পাৰ্কুপাইনৰ কাম কৰিছে যদিও তাতেও দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে৷ চৰকাৰ তথা প্ৰশাসনে অচিৰেই অঞ্চলটোত গঢ়াখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব বৃহত্তৰ সোণতলী অঞ্চলৰ প্ৰায় ৩০খন গাঁৱৰ লগতে সোণতলী বজাৰ, সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আৰু কেইবাখনো শিক্ষানুষ্ঠান।