আনিছুৰ আলী

গৌৰীপুৰ 

১৯ আগষ্ট

গৌৰীপুৰৰ গধাদৰ নৈত অঘটন। বেগুনতলী পকী দলংৰ পৰা জপিয়াই এজন যুৱকৰ আত্মহত্যা। এন ডি আৰ এফ বাহিনীয়ে তীব্ৰ গতিত চলাইছে উদ্ধাৰ অভিযান।

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অৰ্ন্তগত বেগুনতলীত গধাদৰ নৈ ওপৰেৰে যোৱা পকী দলংৰ পৰা এজন যুৱকে গধাদৰ নৈত জপিয়াই আত্মহত্যা কৰে। জানিব পৰা মতে যুৱকজনে মঙলবাৰে মাজনিশা ১ মান বজাত নিজ বাসগৃহৰ পৰা বাহিৰহৈ ওলাই আহি এই ঘটনা সংঘটিত কৰে৷ যুৱকজন গৌৰীপুৰ আৰক্ষী থানাৰ ৪ নং ওৱাৰ্ডৰ মাল্লাপট্ৰিৰ ২৮ বছৰীয়া বিজয় ৰায় বুলিও জানিব পৰা গৈছে৷ ঘটনাৰ খবৰ পাই গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু এন ডি আৰ এফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বিজয় ৰায়ৰ মৃতদেহ উদ্ধাৰৰ বাবে তীব্ৰ অভিযান চলাই আছে ৷ এন ডি আৰ এফ বাহিনীৰ জোৱান সকলৰ লগতে কিছূমান স্থানীয় লোকেও বিজয় ৰয় নামৰ যুৱক জনৰ মৃতদেহ বিচাৰি গধাদৰ নৈৰ বুকুত নামি পৰিছে।

আত্মহত্যাৰ দৰে পথ বাছি লোৱা বিজয় ৰায় নামৰ যুৱকজন দীৰ্ঘদিন ধৰি মানষিক ৰোগত আক্রান্ত হৈ আছিল বুলি যুৱকজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। বিজয় ৰয় নামৰ যুৱকজনৰ এই অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।