আনোৱাৰ হুছেইন

গৰৈমাৰী

১৯ আগষ্ট

চাম্পুপাৰা বজাৰত ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান। ৪০ লক্ষাধিক মূল্যৰ সমগ্ৰী জ্বলি ভস্মীভূত। স্থনীয় ৰাইজৰ কেইবা ঘণ্টাজোৰা তৎপৰতাত জুই নিৰ্বাপিত হয়।

ছয়গাঁও সমষ্টিৰ অন্তৰ্গত চাম্পুপাৰা বজাৰত বুধবাৰে পুৱা প্ৰায় ৫ বজাত শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত চাৰিখনকৈ দোকান সম্পুৰ্ণৰূপে জুইত জাহ যোৱাত দোকান কেইখনত থকা ৪০ লক্ষাধিক টকাৰ সমগ্ৰী ভস্মীভূত হয়৷ চাম্পুপাৰা বজাৰ পুৱাৰ ভাগত আকস্মিকভাৱে শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱাত ময়নাল আলীৰ ইলেক্ট্ৰ’নিকচৰ দোকান, আফজালুৰ ৰহমানৰ কাপোৰৰ দোকান, ছলেমান আলী আৰু আবু তাহেৰ গেলামালৰ দোকানসহ মুঠ চাৰিখন দোকান ভস্মীভূত হয়৷

অগ্নিকাণ্ডৰ খবৰ পাই শতাধিক লোক ঘটনাস্থলীত উপস্থিতিৰ হৈ জুই নুমোৱাবলৈ চেষ্টা কৰে।স্থানীয় ৰাইজ কেইবা ঘণ্টাজোৰা তৎপৰতাত জুই নিৰ্বাপিত হয়৷