আমিনুৰ ৰহমান সৈতে খলিলুৰ ৰহমান

শিৱসাগৰ

৫ ছেপ্টেম্বৰ

অসম বিধান সভাৰ ২০২১ চনৰ আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ সকলো সমষ্টিত আম আদমীৰ পাৰ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলে। আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় তত্বাৱধায়কৰ উপস্থিতিত শনিবাৰেপাৰ্টিৰ ৰাজ্যিক সমিতিয়ে শিৱসাগৰত এক সংবাদমেলত এই কথা ঘোষণা কৰে।

ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰীয়ে সম্বোধন কৰা সংবাদমেলত আম আদমী পাৰ্টিয়ে ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধান সভা নিৰ্বাচনত অংশ গ্ৰহণ কৰিব বুলি ঘোষণা কৰি কয় যে ইতিমধ্যে অসমৰ ৮৪ টা বিধান সভা সমষ্টিত নিৰ্বাচনৰ বাবে আন্তঃগাঠনি সম্পূৰ্ণ কৰি তৃণমূল পৰ্যায়ত স্থিতি সৱল কৰিছে দলটোৱে। অসমৰ ১২৬ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰিকল্পনা কৰা দলটোৱে অসমৰ মৌলিক সমস্যাবোৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ৰাইজৰ মাজলৈ আগবাঢ়ি যোৱাৰ পোষকতা কৰিছে। দলটোৰ নেতা দুগৰাকীয়ে কয় যে দিল্লীৰ দৰে যৌথ শাসিত অঞ্চলত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপ দলে যি সফলতা দেখুৱাবলৈ সক্ষম হৈছে সেয়া মাত্ৰ মূল্যবোধৰ ৰাজনীতিৰ বাবে সম্ভৱ হৈছে। দুৰ্নীতি আৰু লেতেৰা ৰাজনীতিৰ পৰা দূৰত থকা আপ দলেহে প্ৰকৃতাৰ্থত ৰাইজৰ উন্নয়ন সম্ভৱ কৰিব পাৰিব বুলি সংবাদমেলত দাবী কৰি ৰাইজৰ সহযোগিতা কামনা কৰে। অসমৰ মৌলিক সমস্যা যেনে বানপানী ৰোধ, বৃহৎ নদীবান্ধৰ বিৰোধিতা, দৰিদ্ৰতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান, দুৰ্নীতি নিৰ্মূলকৰণ আদি হ’ব দলৰ প্ৰাথমিক লক্ষ্য। লগতে দলটোৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এনে আইনৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে। কভিড-১৯ ৰোগ নিৰাময়ৰ নামত বিজেপি দলৰ চৰকাৰে এক ভয়াবহ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি দলটোৰ নেতৃত্বই কয় যে অনাগত দিনত এইসমূহ দুৰ্নীতি ৰাইজৰ আগত ফাদিল কৰা হ’ব। কৰ’ণা ভাইৰাছ ৰোগৰ পৰা ৰাইজক মুক্ত কৰিবৰ বাবে দলে গাঁও অঞ্চলত এক সজাগতা অভিযান চলোৱাৰ লগতে অক্সিমিটাৰৰ সহায়ত ৰাইজৰ তাৎক্ষণিক স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসাৰ সহযোগিতা আগবঢ়াব। আনহাতে আৰম্ভণিতে দলৰ ভিতৰত এক খোৱাকামোৰাৰ পৰিস্থিতি সৃষ্টি হোৱাক লৈ সাংবিদিকৰ প্ৰশ্নৰ উত্তৰত দলৰ মুখপাত্ৰই কয় যে দলৰ মজিয়াত থাকি অনৈতিক সুবিধা লাভ কৰিব বিচৰা একাংশ লোকক বাধা প্ৰদান কৰাত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই সকলক ইতিমধ্যে দলৰ পৰা বিদায় দিয়া বুলি দলীয় নেতৃত্বই সংবাদমেলত স্পষ্ট কৰি দিয়ে।সংবাদমেলত ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে অসম আৰু অসমীয়াৰ সকলো সমস্যা আগত ৰাখি সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপি দলক উৎখাত কৰাৰ প্ৰয়োজন আহি পৰিছে।

ইতিমধ্যে দিল্লীত কেজৰিৱালৰ নেতৃত্বত দলে ৰাইজৰ চৰকাৰ প্ৰতিষ্ঠা কৰি ৰাইজৰ উন্নয়ণত ব্ৰতী হ’ব পাৰিছে। এনে পৰিস্থিতিত অসমত সকলো দল-সংগঠন একত্ৰিত হৈ বিজেপি দলক প্ৰতিহত কৰাৰ সময় আহি পৰিছে। তেওঁ সকলো আঞ্চলিক শক্তি, আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি তথা আন আন জাতিয়তাবাদী শক্তি সমূহক আম আদমীৰ পাৰ্টিৰ অংশীদাৰ হ’বলৈ আহবান জনায়।