ডিফু

৫ ছেপ্টেম্বৰ

কার্বি আংলংৰ অ-প্রাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলক প্রাপ্য প্রদান কৰা হ’ব। শিক্ষক দিৱসত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘােষণা।

কার্বি আংলং জিলাৰ অ-প্রাদেশীকৃত বিদ্যালয়সমূহৰ শিক্ষক-কর্মচাৰীসকললৈ সুখবৰ। কার্বি আংলং জিলা শিক্ষা বিভাগৰ দ্বাৰা ডিফুৰ মাটিপুংস্থিত আৰবৰেটাম কাম ক্রাফ্ট চেন্টাৰত আয়ােজিত শিক্ষক দিৱসৰ কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙ জিলাখনৰ অ-প্রাদেশীকৃত বিদ্যালয়সমূহৰ সন্দর্ভত মন্তব্য কৰি কয় যে, পাহাৰীয়া জিলাখনৰ যিসমূহ অ-প্রাদেশীকৃত বিদ্যালয়-মহাবিদ্যালয়সমূহ আছে অথচ বিভিন্ন কাৰণত শিক্ষানুষ্ঠানসমূহ প্রাদেশীকৰণৰ আওতাত পৰা নাই সেই সমূহ শিক্ষানুষ্ঠানৰ কর্মৰত শিক্ষক-শিক্ষয়িত্রীসলে যাতে কোনাে অসুবিধাৰ সন্মুখীন নােহােৱাকৈ তথা বঞ্চিত নােহােৱাকৈ নিজৰ দায়িত্ব পালন কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে পৰিষদৰ তৰফৰ পৰা আলােচনা কৰা হৈছে। এইক্ষেত্রত ৰাজ্য চৰকাৰেও বিবেচনা কৰা বুলি কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ঘােষণা কৰিছে। উল্লেখযােগ্য যে, শিক্ষাৰ ক্ষেত্রত অনগ্রসৰ পাহাৰীয়া জিলাখনত শিক্ষাৰ মানদণ্ড উন্নীত কৰাৰ স্বার্থত বিদ্যালয়সমূহ প্রাদেশিকীকৰণৰ দাবী বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে। এনে এক প্রেক্ষাপটত পৰিষদৰ মুখ্যকার্যবাহীগৰাকীৰ এই ঘােষণা বাৰুকৈয়ে গুকত্বপূর্ণ বিবেচিত হৈছে। আনহাতে, কাৰ্বি আংলংৰ সকলাে বিদ্যালয়লৈ গুণােৎসৱৰ মূল্যায়নৰ ভিত্তিত কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰিবলগীয়া প্রায় যাঠি কোটি টকাৰ সাহায্য পুঁজি প্রদান কৰা হ’ব বুলি উল্লেখ কৰি এই পুঁজিসমূহ পােনপটীয়াকৈ বিদ্যালয় পৰিচালনা সমিতিলৈ প্রেৰণ কৰা হ’ব বুলিও মুখ্য কার্যবাহী গৰাকীয়ে উল্লেখ কৰে। আনহাতে, কেন্দ্রীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণি জনাই উক্ত নীতি অনুসৰি স্থানীয় ভাষাৰ প্রতি প্রদান কৰা গুৰুত্ব অনুসৰি কার্বি আংলং জিলাৰ সকলাে বিদ্যালয়তে অহা ডিচেম্বৰৰ ভিতৰত কার্বি শিক্ষা প্রদানৰ বাবে নতুন পদত কেন্দ্রীয় চৰকাৰৰ পৰা অনুমােদন লাভ কৰিব বুলি আশা প্রকাশ কৰে।

কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কার্যবাহী সদস্য জগতছিং ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হােৱা শিক্ষক দিৱসৰ অনুষ্ঠানত সদ্যঘােষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰা দুই ছাত্রী ক্রমে অনিন্দিতা কলিতা আৰু শ্রুতি জৈনক সন্বর্ধনা জনোৱাৰ লগতে কৃতীত্ব আহৰণ কৰা বিদ্যালয় দুখন ক্ৰমে, ডিফু ক্লীৰদাপ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য আৰু ডিফু ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷