আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
৭ ছেপ্টেম্বৰ
ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিবস উপলক্ষ্যে সোমবাৰে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগনত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী তথা ছাত্র-ছাত্ৰীৰ উপস্থিতিত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট নিবন্ধকাৰ, লেখক, তথা সাহিত্যিক ড০ সব্যসাচী মহন্তই৷
মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ থকা মহান ব্যক্তি সকলৰ ত্যাগ, কষ্ট আৰু সংগ্রামৰ ইতিহাস সুঁৱৰি ড০ সব্যসাচী মহন্তই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ড০ মহন্তই তেওঁৰ উদ্যমী বক্ততাত কয় যে, কেৱল মাত্ৰ ৭২ জন শিক্ষার্থীৰে আৰম্ভ কৰা মহাবিদ্যালয়খন আজি প্ৰায় তিনিহাজাৰ ছাত্র-ছাত্ৰীৰে পৰিপূৰ্ণ এখনি পূৰ্ণাংগ শিক্ষানুষ্ঠানলৈ পৰিবৰ্তিত হোৱাৰ আঁৰত আছে বহুজনৰ নিষ্ঠা, ত্যাগ আৰু অলেখ সংগ্রাম। বৰ্তমান মহাবিদ্যালয়খনত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ দূৰবৰ্তী শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰমৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সকলো পাঠ্যক্ৰম উপলদ্ধ হোৱাৰ উপৰিও আগন্তুক শিক্ষা বৰ্ষত বি. এড. পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা সম্পন্ন হোৱাটো মহাবিদ্যালয়খনৰ সফল শৈক্ষিক উত্তৰণৰ অন্য এক উল্লেখযোগ্য দিশ বুলি ড০ মহন্তই উল্লেখ কৰে।
প্ৰতিষ্ঠা দিবসৰ অন্য এক কাৰ্যসূচীত শিক্ষাতত্ত্ব বিভাগৰ সহযোগী তথা মুৰব্বী অধ্যাপক ড০ বিদ্যানন্দ বৰকাকতী আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ৰিমঝিম বৰাৰ স্নাতক পৰ্যায়ৰ ‘শৈক্ষিক পৰিমাপন আৰু মূল্যায়ন’ পাঠ্যপুথি, ড০ ৰিমঝিম বৰাৰ দুখনকৈ কবিতা সংকলন “জোনাকী সুবাসৰ ঊৰ্মিমালা ” আৰু “চেৰী ফুলৰ স্বপ্নীল সুবাস” (এশটা জাপানী কবিতাৰ অসমীয়া ভাবানুবাদ)
নামৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানটিত উপাধ্যক্ষা ড০ ৰীণা সন্দিকৈ, শিক্ষক গোটৰ সভাপতি অনিল তাঁতী, কৰ্মচাৰী গোটৰ গৌতম গগৈয়ে বক্তব্য আগবঢ়াই।
দিনৰ অনুষ্ঠানৰ অন্তত সন্ধ্যা ৬২ গছি বন্তিৰে মহাবিদ্যালয় প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলনৰে কৰাৰ পাছত “ভৱিষ্যতৰ শিক্ষাঃ সম্ভাৱনা আৰু প্ৰত্যাহ্বান” বিষয়ত অনুষ্ঠিত কৰা হয় এখনি ‘ৱেব সন্মিলন’। ৱেব সন্মিলনত সমল ব্যক্তি ৰূপে বক্তব্য আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ অমৰজ্যোতি চৌধুৰীয়ে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলৰ সহযোগত ৱেব মাধ্যমত অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ জড়িয়তে গড়গাঁও মহাবিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিবস অনুষ্ঠানৰ অন্ত পৰে।