মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

৭ ছেপ্টেম্বৰ

শ্ৰীৰামপুৰত সদৌ বিটিচি বাঙালী ফেডাৰেছনৰ সভা। সভাত ফেডাৰেছনৰ সভাপতি মন্টু দে’ৰ বিজেপি দলক তীব্ৰ আক্ৰমণ। আগন্তক বিধানসভা নিৰ্বাচনত হিন্দু বাঙালী বিদ্বেষী বিজেপি চৰকাৰৰ পতন অনিবাৰ্য বুলি মন্তব্য প্ৰকাশ মিন্টু দে’ৰ।

হিন্দু বাঙালীৰ ভোট লৈ ক্ষমতালৈ অহা বিজেপি চৰকাৰে বিগত কাৰ্যকালত বাঙালীৰ স্বাৰ্থত কাম কৰাৰ বিপৰীতে বাঙালী জাতিটোক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে। স্বাধীনতাৰ কালৰ পৰা অসমত বসবাস কৰা বাঙালীৰ নাগৰিকত্বৰ প্ৰমাণ বিচাৰি এইখন চৰকাৰে লাখ লাখ নিৰীহ বাঙালীৰ নাম নাগৰিক পঞ্জীৰ পৰা বাদ দি হাৰাশাস্তি কৰি আহিছে। হিন্দু বাঙালীৰ ওপৰত বিজেপি চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰত কৈ অধিক অত্যাচাৰ আৰু নিপীড়ন কৰি আছে।গতিকে আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি দলে ইয়াৰ প্ৰত্যুত্তৰ পাব আৰু এই চৰকাৰৰ পতন অনিবাৰ্য। এই ভাষ্য সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি মন্টু দে’ৰ।

সংগঠনটোৰ গোসাঁইগাঁও জিলা সমিতিৰ উদ্যোগ আৰু শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ পৰিচালনাত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি গৰাকীয়ে বিজেপি দলক বাঙালী বিৰোধী দল বুলি অভিহিত কৰে আৰু হিন্দু বাঙালী সকলক বিজেপি দলৰ পৰা আঁতৰি আহি জাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনায়। উক্ত সভাত সংগঠনটোৰ মুখ্য উপদেষ্টা শ্যামল সৰকাৰে বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰে আৰু হিন্দু বাঙালী বিৰোধী এই বিজেপি দলৰ পৰা সকলো বাঙালীকে আঁতৰি আহি আগন্তুক বিধান সভা নিৰ্বাচনত বাঙালী জাতিৰ স্বাৰ্থত গঠন হ’ব লগীয়া ৰাজনৈতিক দলক সমৰ্থন কৰাৰ বাবে আহ্বান জনায়।

আনহাতে বিটিচি নিৰ্বাচনত হিন্দু বাঙালীৰ বিৰোধিতা কৰা উগ্ৰ জাতীয়তাবাদ সংগঠন কৰি আহি এতিয়া ৰাজনীতি কৰা সকলক ভোট নিদিবলৈ আৰু বিটিচিৰ ঐক্য শান্তি-সম্প্ৰীতি আৰু উন্নয়নৰ স্বাৰ্থত যি দলে কাম কৰিব সেই দলক সমৰ্থন কৰাৰ বাবে হিন্দু বাঙালী সকলৰ প্ৰতি আহ্বান জনায় শ্যামল সৰকাৰে।সৰকাৰে লগতে বিজেপি দলৰ প্ৰতি কটাক্ষ কৰি আৰু কয় “ধৰ্মৰ নামত বিভাজন আৰু জাত-পাতৰ ৰাজনীতি কৰা বিজেপিৰ চৰিত্ৰ ইতিমধ্যে ধৰা পৰিছে গতিকে অসমৰ হিন্দু বাঙালী সকল আৰু বিজেপি দলক কোনোপধ্যেই সমৰ্থন নকৰে”। আগন্তুক নিৰ্বাচনত বিজেপিৰ পতন অনিবাৰ্য বুলি শ্যামল সৰকাৰে দৃঢ়তাৰে কয়।

উল্লেখ্য যে শ্ৰীৰামপুৰ ৰিফিউজী এল পি স্কুলৰ প্ৰেক্ষাগৃহত গোসাঁইগাঁও জিলা সমিতিৰ মুখ্য উপদেষ্টা তথা সংগঠনটোৰ প্ৰতিষ্ঠাপক জ্যেষ্ঠ নেতা সন্তু ৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সদ্য গঠিত বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ গোসাঁইগাঁও জিলা সমিতিৰ বিষয়-ববীয়া সকলক শপত বাক্য পাঠ কৰাৰ অন্তত শ্ৰীৰামপুৰ আঞ্চলিক সমিতি পুনৰ গঠন কৰা হয়। সমীৰণ দায়ক সভাপতি আৰু বিশ্বজিৎ চৌধুৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া শ্ৰীৰামপুৰ আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত সভাত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ একাধিক শীৰ্ষ নেতা উপস্থিত থকাৰ লগতে শ্ৰীৰামপুৰ অঞ্চলৰ শতাধিক বাঙালী পুৰুষ মহিলা সকল উপস্থিত থাকে।