গুৱাহাটী

১০ ছেপ্টেম্বৰ

২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে ৰাজ্যৰ ৮০ টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব। ইতিমধ্যে ৫০ টা সমষ্টিত টিকট বিচাৰি প্ৰাৰ্থীয়ে যোগাযোগ কৰিছে দলৰ লগত। বিজেপি আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ পৰা বিৰত থাকি তৃতীয় পক্ষৰ লগতে থাকিব দল।

আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সীমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ। শসকীয় বিজেপি দলৰ লগতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত থকাৰ মাজতে বিভিন্ন দল-সংগঠনে প্ৰস্তুতি চলাইছে আঞ্চলিক ৰাজনৈতিক দল গঠনত। ইয়াৰ মাজতে এইবাৰ বিধানসভা নিৰ্বাচনত যুঁজ দিবলৈ কঁকালত টঙালি বান্ধিছে ৰাষ্ট্ৰীয় উলেমা কাউন্সিল নামৰ অন্য এটা দলে।

বৃহস্পতিবাৰে মহানগৰী গুৱাহাটীৰ কাহিলীপাৰাস্থিত দক্ষিণগাঁৱত দলৰ কার্যলায় মুকলি কৰিলে ৰাষ্ট্ৰীয় উলেমা কাউন্সিল নামৰ ৰাজনৈতিক দলটোৱে। কার্যলায় মুকলি অনুষ্ঠিত দলৰ ৰাষ্ট্ৰীয় প্ৰবক্তা তালহা ৰাশাদিয়ে কয় যে কংগ্ৰেছে বিগত ৭০ বছৰ দেশৰ জনসাধাৰণৰ লগতে অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে আনহাতে বিজেপিয়ে কেৱল আশ্বাস প্ৰদান কৰি দেশত সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰিছে গতিকে এইবাৰ অসমৰ ৰাইজক এক উন্নয়নমুখী চৰকাৰ প্ৰদান কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় উলেমা কাউন্সিল অসমত হ’বলগীয়া ২০২১ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব। অসমৰ বানপানী, নিবনুৱা সমস্যা আৰু এন আৰ চি হ’ব ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ বিধানসভা নিৰ্বাচনৰ মূল ইছ্যু বুলিও মন্তব্য কৰে দলৰ ৰাষ্ট্ৰীয় প্ৰবক্তা গৰাকীয়ে।

আনহাতে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি মৌলানা উৱাইদূৰ ৰহমান কাঁচিমিয়ে কয় যে দলে বিগত তিনি বছৰ ধৰি অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলত বহু উন্নয়নমূলক কামৰ জৰিয়তে দলৰ ভেটি শক্তিশালী কৰি তুলিছে। বৰ্তমান ৫০ ৰ পৰা ৬০ টা সমষ্টিৰ পৰা বহু লোকে আগন্তক ২০২১ ৰ নিৰ্বাচনৰ বাবে টিকট বিচাৰি দলৰ উচ্চ পৰ্যায়ৰ নেতাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। গতিকে ৫০ ৰ পৰা ৬০ টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰাটো প্ৰায় নিশ্চিত যদিও পৰৱৰ্তী সময়ত দলৰ সিদ্ধান্তমৰ্মে প্ৰাৰ্থীৰ সংখ্যা ৮০ টালৈ বৃদ্ধি পাব পাৰে।

ইফালে মিত্ৰতা সন্দৰ্ভত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে বিজেপি আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ পৰা বিৰত থাকি তৃতীয় পক্ষৰ লগতে থাকিব বুলি জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ কাৰ্যালয় মুকলি অনুষ্ঠানত দলৰ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ নেতাৰ লগতে উপস্থিত থাকে প্ৰায় দুই শতাধিক কৰ্মী।