নৱজ্যোতি বৰুৱা
চামগুৰি
১২ ছেপ্টেম্বৰ
চামগুৰিত বন সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ বৃহৎ সাফল্য। বগামুৰাৰ এঘৰৰ পৰা বন সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিলে গঁড়ৰ ছাল, নখ, হৰিণাৰ শিঙসহ এটা কেঁকোসাপ।
শুকুৰবাৰে নিশা নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত বগামুৰাত এক গোপন সূত্ৰৰ খবৰ ভিত্তিত বন সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে এক অভিযান চলাই অঞ্চলটোৰ এঘৰৰ পৰা গঁড়ৰ ছাল, নখ, হৰিণাৰ শিঙসহ এটা কেঁকোসাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বগামুৰাত ছফিকুল ইছলাম নামৰ এজন লোকে নিজৰ ঘৰত গঁড়ৰ ছাল, নখ, হৰিণাৰ শিঙ আৰু কেঁকোসাপ লুকুৱাই ৰখাৰ খবৰ পাই বন সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে ছফিকুল ইছলামৰ ঘৰৰ পৰা উক্ত সমগ্রীখিনি জব্দ কৰে যদিও অভিযানৰ উমান পাই ছফিকুল ইছলাম পলায়ন কৰিবলৈ সক্ষম হয়।
আৰক্ষী আৰু বন সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰা গঁড়ৰ ছাল, নখ, হৰিণাৰ শিঙ আৰু কেঁকোসাপ বন বিভাগক চমজাই দিয়ে। ছফিকুল ইছলাম চোৰাং চিকাৰী চক্ৰৰ লগত জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।