গুৱাহাটী
১২ ছেপ্টেম্বৰ
সাংসদ নৱ শৰণীয়াৰ ঘোষণা, বি টি চিত এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনীতিৰ পৰা সন্যাস গ্ৰহণ গ্ৰহন কৰিব। ৩০ খন আসনত জয় লাভ কৰি বি টি চিত চৰকাৰ গঠন কৰিব নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীয়ে।
বি টি চি পৰিষদীয় নিৰ্বাচনকলৈ বড়ো ভূমিত ৰাজনৈতিক দল সমূহ ব্যস্ত হৈ থকাৰ মাজতে কোকৰাঝাৰ সাংসদ নৱ শৰণীয়াই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। শনিবাৰে দিশপুৰ প্ৰেছ ক্লাৱত এক সাংবাদমেল অনুষ্ঠিত কৰি নৱ শৰণীয়াই এইবাৰ বি টি চিত চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’লে ৰাজনীতিৰ পৰা সন্যাস গ্ৰহণ কৰাৰ ঘোষণা কৰে। কোকৰাঝাৰৰ সাংসদ গৰাকীয়ে সংবাদমেলত কয় যে এইবাৰ গণ সুৰক্ষা পাৰ্টীয়ে ৩০ খন আসনত জয়লাভ কৰি বি টি চিত চৰকাৰ গঠন কৰিব। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বি টি চিত নিৰ্বাচন পিছুৱাই দিয়াৰ বাবে আমাৰ যথেষ্ট সুবিধা হৈছে বুলি মন্তব্য প্ৰকাশ কৰি নৱ শৰণীয়াই কয় যে যদি আগতে নিৰ্বাচন হলে হয় তেন্তে আমি কম সংখ্যক আসন লাভ কৰিলো হয়। আজিৰ দিনত বি টি চিত ইউ পি পি এল দল বহু তললৈ নামিছে আৰু বি পি এফৰ অৱস্থা পূৰ্বৰ তোলাত কিছু উন্নত হৈছে বুলিও মন্তব্য কৰে কোকৰাঝাৰৰ সাংসদ গৰাকীয়ে। বি টি চিত গণ সুৰক্ষা পাৰ্টীয়ে একমাত্ৰ দল যিয়ে অবড়ো লোকৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে আৰু সেইহে আমি এশ শতাংশ নিশ্চিত যে আমি বি টি চিত এইবাৰ চৰকাৰ গঠন কৰিম। সাংসদ নৱ শৰণীয়াই বি পি এফ দলক আক্ৰমণ কৰি কয় যে টকা আৰু আঁচনিৰ নামত বি পি এফ দলে কেৱল বি টি চিৰ লোকক বিভ্ৰান্ত কৰি আহিছে। ইউ পি পি এল দলে জয়লাভ কৰিলে চাকৰি দিম বুলি প্ৰচাৰ চলাই আছে কিন্তু বিগত ১৭ বছৰত বি টি চিত কেৱল মাত্ৰ ২৪০০ লোককে বি পি এফ দলে চাকৰি দিবলৈ সক্ষম হৈছে।
ইফালে নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীৰ কিছু নেতাই বিজেপি দলত যোগদান কৰা সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে আমাৰ কিছু নেতাক ৫ লাখ, ১০ লাখ টকাত বিজেপিয়ে কিনিছে। যি সকল নেতা বিজেপিলৈ গৈছে সেই সকল নেতাই আমাৰ ৫ লাখ, ১০ লাখ টকাৰ বাবে বিজেপিলৈ যোৱা বুলি আমাৰ আগত স্বীকাৰ কৰিছে বুলিও মন্তব্য কৰে নৱ শৰণীয়াই।