ফজলুৰ ৰহমান
সোণতলী
১৩ ছেপ্টেম্বৰ
দক্ষিণ কামৰূপৰ সোণতলীৰ অন্তৰ্গত মালিবাৰীত অসম-মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে দুৰামাৰী মালিবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা যোগান ধৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ দুৰামাৰী মালিবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা মুকলি কৰক, স্বাস্থ্য সেৱা আমাক লাগিবই, স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক-স্বাস্থ্যকর্মী নিয়োগ কৰক, অসম চৰকাৰ হায় হায়, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, আমাৰ দাবী ন্যায্য দাবী, মিঞা পৰিষদ জিন্দাবাদ আদি শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অসম-মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলাৰ সভাপতি এম মুক্তাৰ মণ্ডলে চৰকাৰক তুলা ধূনা দি কয় যে, বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ দুৰামাৰী মালিবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ গৃহ নিৰ্মাণৰ দহ বছৰ পাৰ হৈ গ’ল কিন্তু আজিলৈকে স্বাস্থ্যকেন্দ্ৰটোত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ব্যৱস্থা নকৰিলে পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে। দূৰ্ভাগ্যজনক কথাটো হ’ল যে অসম মন্ত্ৰী সভাৰ ভিতৰত আটাইতকৈ নিজকে সফল মন্ত্ৰী হিচাপে ডিঙি ফুলাই ভাষনৰ ফুলজাৰি মাৰি থকা তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই বৰ্তমান সোণোৱাল চৰকাৰৰ দিনতো অসমৰ স্বাস্থ্য আৰু জণকল্যান বিভাগৰ মন্ত্ৰী থাকিও স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ থকাৰ পৰিবৰ্তে গৰু গোহালিত পৰিগণিত হৈ থকা বাস্তৱ ছৱি দেখিবলৈ পোৱা গৈছে বুলিও ক্ষোভ উজাৰে অসম-মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলাৰ সভাপতি এম মুক্তাৰ মণ্ডলে।
দুৰামাৰী মালিবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বৰ্তমানৰ ছবিখনে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ উণ্নয়ণৰ ফোপোলা স্বৰূপৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে বুলিও মন্তব্য প্ৰকাশ কৰে এম মুক্তাৰ মন্ধলে । মণ্ডলে লগতে কয় যে, যি সময়ত বিশ্বব্যাপী কৰ’ণা ভাইৰাছে মানৱ জাতিলৈ মৃত্যুৰ ভাবুকি কঢ়িয়াই আনি এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰাত বিদ্যালয় সমূহত কৰেন্টাইন চেন্টাৰ পাতি কৰ’ণা ৰোগী সকলক আশ্ৰয় দিব লগা হৈছে তেনে সময়ত বৃহত্তৰ মালিবাৰী, দুৰামাৰী, বদলা খোলা ৰিজাৰ্ভ, জাওকাটা দিয়া, কিচমত কাঠমী, বগুৰিগুৰী আদি অঞ্চলৰ লক্ষাধিক জনবসতি সামৰি স্থাপন হোৱা স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসা সেৱা মুকুলি নকৰাত ৰাইজে জীয়াতু ভুগিব লগা হৈছে। দুৰামাৰী, মালিবাৰী, জাওকাটাকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজে দহ কিলোমিটাৰৰ পৰা বিশ কিলোমিটাৰ দূৰলৈ হেকৰা, ছমৰীয়া, বকো স্বাস্থ্য কেন্দ্ৰলৈ ৰোগী নিব লগা হয়। বহু সময়ত জৰুৰী ৰোগী পথতে মৃত্যু হয় বুলিও স্থানীয় লোক সকলে মত ব্যক্ত কৰে।
ৰাইজৰ সুবিধাৰ বাবে চৰকাৰে স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক আৰু চিকিৎসা কৰ্মী নিয়োজিত কৰি চিকিৎসা সেৱা আৰম্ভ কৰিবলৈ সংগঠনটোৱে দাবী জনায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম-মিঞা (অসমীয়া) পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল কাদেৰ আকন্দ, সাংগঠনিক সম্পাদক সকিম উদ্দিন, বাহাৰুল ইচালাম লগতে কেইবাজনো স্থানীয় বিশিষ্ট ব্যক্তি আৰু বহু সংখ্যক স্থানীয় ৰাইজ।