আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
৩০ ছেপ্টেম্বৰ
চৰকাৰী প্ৰতাৰণা, প্ৰৱঞ্চনাৰ অভিযোগত বুধবাৰে পুণৰ আটছাই উত্তাল কৰিলে শিৱসাগৰ৷ চৰকাৰ বিৰোধী ধ্বনীৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগ মুখৰ কৰি তুলে সংগঠনটোৱে৷
শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগ বুধবাৰে সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্য্যসূচী৷ সংগঠনটোৱে কেইবাটাও গুৰুত্বপুৰ্ণ দাবী পূৰণৰ বাবে ৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি, চাহ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান আৰু ভূমি পট্টা প্ৰদান এই তিনি দাবীক কেন্দ্ৰ কৰি প্ৰতিবাদ সাৱস্ত্য কৰে শংখনটোৱে। উক্ত দাবী সমূহ তৎকালীনভাৱে পূৰণৰ ব্যৱস্থা নকৰিলে আগন্তুক ২০২১ চনৰ নিৰ্বাচনত চাহ জনজাতি লোক সকলে বিজেপি দলক উচিত শিক্ষা প্ৰদানৰ হুংকাৰ দিয়ে৷
উল্লেখ্য যে বিগত কিছুদিন ধৰি চাহ জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে চাহ জনগোষ্ঠীৰ লোক সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিক সকলৰ দৈনিৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীৰ লোক সকলক ভূমি পট্টা প্ৰদান কৰাকে আদি কৰি জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে। চাহ জনগোষ্ঠীৰ দল-সংগঠন সমূহে উজনিৰ পৰা নামনিলৈকে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি ৰাখিছে।