নগাঁও
৩০ ছেপ্টেম্বৰ
নগাঁৱৰ পৰা গুৱাহাটীত আলহী খাবলৈ গৈ সন্ধানহীন এজন ২২ বছৰীয়া যুৱক। পিতৃৰ সৈতে আলহী খাবলৈ গৈছিল গুৱাহাটীলৈ।
চাৰিওফালে কৰ’ণাৰ সন্ত্ৰাস চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগাঁও জিলাৰ পৰা গুৱাহাটীলৈ পিতৃৰ সৈতে আহিছিল পিযুষ শইকীয়া নামৰ যুৱকজন। গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভৰ আলহীৰ ঘৰত আহিছিল পিযুষ। দেউতাক মৃদুল কুমাৰ শইকীয়াই তেওঁৰ বন্ধুৰ ঘৰত পিযুষক থৈ ক’ৰবালৈ উলাই যায়, তাৰ পিছত সেই ঘৰৰ পৰা যুৱক জন ক’ত গ’ল কোনেও কব নোৱাৰে। যুৱকজন শাৰীৰিক ভাৱে অসুস্থ হোৱাৰ বাবে চিন্তিত হৈ পৰিছে এতিয়া পৰিয়ালৰ লোক সকল।
ইতিমধ্যে যুৱক জনৰ উদ্ধাৰৰ উদ্দেশ্যে পিতৃয়ে পানবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সম্ভেদ পালে ৯১০১৪৩৫০২১ অথবা ৮৭৬১৮২৮৬২৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে যুৱক জনৰ পৰিয়ালৰ লোকে।