কুন্দন ভৰালী

নগাঁও

৩ অক্টোবৰ

উত্তৰ প্ৰদেশ ধৰ্ষণকাণ্ডৰ বিৰূদ্ধে নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ। কভিড প্ৰট’কল ভংগ কৰি প্ৰতিবাদ সাব্যস্ত মহিলা কংগ্ৰেছ। একাংশই আকৌ কিহৰ বাবে এই প্ৰতিবাদ নজনাকৈ সাব্যস্ত কৰিলে প্ৰতিবাদত। বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে মহিলা কংগ্ৰেছে উত্তাল কৰিলে ৰাজপথ।

যোগী আদিত্য নাথৰ উত্তৰ প্ৰদেশত এগৰাকী যুৱতীৰ ধৰ্ষণ, ধৰ্ষণৰ পিছত অমানৱীয় অত্যাচাৰ আৰু যুৱতী গৰাকীৰ মৃত্যুৱে উত্তাল কৰি ৰাখিছে সমগ্ৰ দেশ। ধৰ্ষণকাণ্ডৰ লগত জড়িত ব্যক্তি সকলক উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰ অভিযোগত সমগ্ৰ দেশতে প্ৰতিবাদ। ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা যুৱতী গৰাকীক ন্যায় প্ৰদানৰ দাবীত বৰোধী দল কংগ্ৰেছেও চলাই আছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ মাজতে শনিবাৰে নগাঁৱত মহিলা কংগ্ৰেছে উত্তৰ প্ৰদেশত ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা যুৱতী গৰাকীৰ বাবে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ধৰ্ষণৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত হ’ল, চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল হ’ল লগতে সম্পূৰ্ণৰূপে ভংগ হোৱা দেখিবলৈ পোৱা গ’ল কভিড প্ৰট’কল। প্ৰতিবাদ কৰিবলৈ আহি একাংশ মহিলা কংগ্ৰেছীয়ে কভিড সন্দৰ্ভত থকা চৰকাৰী নীতি-নিৰ্দেশনা অমান্য কৰি সামাজিক দূৰত্ব নোহোৱাকৈ প্ৰতিবাদ সাব্যস্ত কৰিলে। ইয়াৰ লগতে প্ৰতিবাদ কৰিবলৈ আহি প্ৰতিবাদস্থলীত একাংশ মহিলা কংগ্ৰেছীয়ে ভিৰ ঠিকে কৰিলে কিন্তু কিহৰ বাবে প্ৰতিবাদ কৰিব নজনাকৈয়ে প্ৰতিবাদ কৰি গ’ল।

একাংশ মহিলা কংগ্ৰেছীয়ে আকৌ চৰকাৰ বিৰোধী শ্ল’গান দিয়াত ইমানেই ব্যস্ত যে পাহৰি থাকিল হাতত থকা প্লে’কাৰ্ডেখন উলোতা হৈ আছে। উত্তৰ প্ৰদেশ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি নগাঁও মহিলা কংগ্ৰেছে বিজেপি চৰকাৰ গ’ বেক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনিৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।