কুন্দন ভৰালী
নগাঁও
৪ অক্টোবৰ

শনিবাৰে নিশা সংঘটিত হোৱা প্ৰশান্ত কুমাৰ বনিয়াৰ হত্যাৰ লগত জড়িত অভিযুক্ত ৰিমন শইকীয়াক গ্ৰেপ্তাৰ। বৰ্তমানেও পলাতক অৱস্থাত আছে অন্য এজন অভিযুক্ত নিতুল শইকীয়া।

নগাঁও জিলাৰ ৰণথলিত শনিবাৰে নিশা ৰিমন শইকীয়া আৰু নিতুল শইকীয়া নামৰ দুজন যুৱকৰ সৈতে প্ৰশান্ত বনিয়া নামৰ এজন যুৱকৰ কাজিয়াৰ সূত্ৰপাত হোৱাত ৰিমন শইকীয়া আৰু নিতুল শইকীয়াই চুৰিৰে প্ৰশান্ত বনিয়াক আক্ৰমণ কৰে। চুৰিৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা প্ৰশান্ত বনিযাক স্থানীয় কিছুমান লোকে চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে লৈ আহে যদিও চিকিৎসকে প্ৰশান্ত বনিয়াক মৃত বুলি ঘোষণা কৰে। ইফালে ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত থকা ৰিমন শইকীয়া আৰু নিতুল শইকীয়াক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে দেওবাৰে নগাঁৱৰ ৰনথলী ৰজাভেটি গাঁৱত ৰাইজে অভিযুক্তি ৰিমন শইকীয়া ওৰফে চিকেন্দ্ৰক আটক কৰে। হত্যাকাণ্ডৰ অভিযুক্ত ৰিমন শইকীয়াক ৰাইজে আটক কৰাত ৰনথলী ৰজাভেটি গাঁৱত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ৰাইজে আবদ্ধ কৰি ৰখা হত্যাকাণ্ডৰ অভিযুক্তি ৰিমন শইকীয়াক আৰক্ষী আৰু চি আৰ পি এফৰ বাহিনীয়ে উদ্ধাৰ কৰি লৈ যায়।

উল্লেখ্য যে প্ৰশান্ত বনিয়া নগাঁৱৰ গামখাৰু নামৰ জুৱেলাৰীৰ স্বত্তাধিকাৰী। জানিব পৰা মতে ৰিমন শইকীয়া আৰু নিতুল শইকীয়াৰ লগত ধনৰ লেন-দেন আছিল প্ৰশান্ত বনিয়াৰ আৰু ধনৰ লেন-দেনৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।