মাজুলী,২৩ মেঃ মাজুলীৰ পথাৰত ধানৰ সলনি পতান হোৱাত হাজাৰ হাজাৰ কৃষকৰ মাজত ব্যাপক হাহাকাৰ সৃষ্টি হৈছে৷ গাঁঠিৰ ধন ভাঙি অধিক পৰিশ্ৰম কৰি কৰা খেতি-পথাৰত ধানৰ পৰিৱৰ্তে পতান হোৱাত কৃষকৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ গাফিলতিৰ ফলত চৰকাৰী বীজে অন্ধকাৰ নমাই আনিছে দুখীয়া কৃষকৰ জীৱনলৈ৷ গাঁঠিৰ ধন ভাঙি কপালৰ ঘাম মাটিত পেলাই খেতিয়কসকলে বড়ো ধানৰ খেতিডৰা অতি যতনেৰে লহপহিয়া কৰিছিল৷ কিন্তু পথাৰলৈ আহি আশাহত হ’ল কৃষকসকল৷ ধানৰ সলনি ওলাল পতান৷ মাজুলীৰ পকাজৰা পঞ্চায়তৰ অন্তৰ্গত জকাইবোৱা, কলিতাপাৰা, আদি গাঁৱৰ দৰিদ্ৰ কৃষকসকলে চৰলা লক্ষিমী পথাৰত যি বড়োধানৰ খেতি কৰিছিল তাত ধানৰ সলনি ওলাল পতান৷ কৃষি বিভাগৰ বীজে বছৰতোৰ বাবে আকালৰ মুখলৈ ঠেলিলে দুখীয়া কৃষকক৷ বছৰটো বানে জুৰুলা কৰা কৃষকসকলে আগন্তুক বছৰতো কেনেকৈ পেট পুৰাব তাকেই লৈ চিন্তিত হৈ পৰিছে কৃষকসকল৷ কৃষিমন্ত্ৰীয়ে কি উত্তৰ দিব এই কৃষকসকলক৷ কেতিয়াবা যদি খাদ্যশস্য গুদামত পছিচে, কেতিয়াবা আকৌ পোকে খোৱা মচুৰ বীজ কৃষকক বিতৰণ কৰা হৈছে৷ এইবাৰ আকৌ কৃষকক বিতৰণ কৰা হ’ল ধানৰ সলনি পতান৷