আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

৫ অক্টোবৰ

ৰাজ্যৰ প্রান্তে প্রান্তে অব্যাহত আছে কংগ্ৰেছ দলৰ প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে সোমবাৰেও উজনিৰ পৰা নামনিলৈকে কংগ্ৰেছৰ প্ৰতিবাদ। অনুমতি বিহীনভাৱে প্ৰতিবাদ কৰি আটক শতাধিক কংগ্ৰেছ কর্মী।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীক লৈ বিজেপিক আক্ৰমণ কৰাৰ কোনো ধৰণৰ সুযোগ এৰি দিব বিচৰা নাই কংগ্ৰেছৰ দলে। ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসনত সংঘটিত হোৱা এই কেলেংকাৰীয়ে টোপনি হৰিছে বিজেপিৰ। বিশেষকৈ এই কেলংকাৰীৰ লগত বিজেপি নেতা দিবন ডেকা জড়িত থকাত বিজেপিৰ সমস্যা অধিক বৃদ্ধি পাইছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীকলৈ তৎপৰতা দেখুৱাই তদন্ত ঘোষণা কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগুৱাই নি আৰক্ষীয়ে কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত দিবন ডেকাসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। ইফালে কংগ্ৰেছৰ দলে বিগত কিছুদিন ধৰি ধাৰাবাহিক আন্দোলন চলাই এই কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী জনোৱাৰ লগতে এই বিয়াগোম কেলেংকাৰীৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

সোমবাৰেও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে ৰাজ্যজুৰি কংগ্ৰেছৰ দলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰীৰ লগতে হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ চি বি আই তদন্তৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে হাটশিঙিমাৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱা মুহুৰ্তত ফেকামাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি দুলাল চন্দ্ৰ সাহাসহ জিলাখনৰ শতাধিক কংগ্ৰেছ কৰ্মীক আৰক্ষীয়ে আটক কৰি খাৰুৱা বান্ধা আৰক্ষী থানাত লৈ যায়।

ৰাজ্যৰ অন্যান্য প্ৰান্তটো কংগ্ৰেছ দলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগ উত্থাপন কৰি এই কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে অনুমতি বিহীন ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি শতাধিক কংগ্ৰেছ কর্মীক আৰক্ষীয়ে আটক কৰে।