গুৱাহাটী, ২৪ মেঃ অসম বিশেষ আৰক্ষী জোৱান (এছপিঅ’)সকলক শীঘ্ৰে এআইএছএফ বেটেলিয়নত নিযুক্তি দিয়া আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অন্যায়ভাবে জাপি দিয়া গোচৰ উঠাই দিয়াৰ দাবীত অসম বিশেষ আৰক্ষী বিষয়া কল্যান সমিতিয়ে মহানগৰীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৰ সভাপতি দিলীপ শইকীয়া আৰু সাধাৰণ সম্পাদক মৃত্যুঞ্জয় বৰাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, পূৰ্বৰ ৰাজ্য চৰকাৰে কাৰ্বি আংলং জিলাৰ বিদ্ৰোহী সংগঠন (জুৱেল) গোটৰ দমনৰ কাৰণে ২০০৮ চনত অসম আৰক্ষীৰ বিশেষ প্ৰশিক্ষণ দি অসম বিশেষ আৰক্ষী (এছপিঅ’) গঠন কৰিছিল৷ এই জোৱানসকলক দুৰ্গম অঞ্চলত গৈ বিদ্ৰোহী সংগঠনটোক দমণ কৰাৰ পিছত চৰকাৰে ৩ নং এআইএছএফ বেটেলিয়নত নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়ে৷ চৰকাৰ খনে এছপিঅ’সকলৰ নিযুক্তিৰ বাবে ২০১২ চনত HBM/01/2012 নম্বৰৰ এটা ফাইল প্ৰস্তুত কৰি গৃহ বিভাগৰ অনুমোদনৰ কাৰণে প্ৰেৰণ কৰে৷ কিন্তু বিগত সময়ছোৱাত এই ফাইলটো গৃহ বিভাগতে আৱদ্ধ হৈ আছে৷ আনহাতে ১ আৰু ২ নং এআইএছএফ বেটেলিয়নত খালী হৈ থকা ১২৫ টা পদ পূৰণৰ কাৰণে বেটেলিয়ান দুটাৰ দ্বায়িত্বত থকা গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানে যোৱা জানুৱাৰী মাহত গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ এই পত্ৰৰ ভিত্তিত গৃহ বিভাগে HBM/77/2011-12  নম্বৰৰ এটা ফাইল প্ৰস্তুত কৰিছিল যদিও জোৱানসকলক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে পুনৰ প্ৰতাৰণা কৰিলে৷ জোৱানসকলৰ শীঘ্ৰে নিযুক্তিৰ দাবীত  কেবাশতাধিক এছপিঅ’ জোৱানে মহানগৰীৰ পল্টন বজাৰৰ পৰা উলুবাৰীৰ ডিজিপি কাৰ্যালয়লৈ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদীকাৰীসকলে ডিজিপি কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷