ৰঙাপাৰা, ২৪ মেঃ ৰাজ্যত পৰিবৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদীত বহা সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে৷ চৰকাৰ পৰিবৰ্তন হ’ল যদিও ইতিবাচক পৰিবৰ্তনৰ পৰা এতিয়াও বহু দূৰৈত ৰাজ্যখন। দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত কিছু সফল হ’লেও ৰাজ্যৰ বাট-পথ, শিক্ষা, স্বাস্থ্য উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখন এতিয়াও চকুত লগা ধৰণে সফলতা লাভ কৰিব পৰা নাই। নিৰ্বাচনৰ পূৰ্বে ২৪ ঘন্টাই ৰাজ্যবাসীক বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখন এই ক্ষেত্ৰত সম্পূৰ্ণ বিফল। ইয়াৰ উদাহৰণ আছে ৰাজ্যৰ বিদ্যুৎ মন্ত্ৰীৰ নিজা সমষ্টি ৰঙাপাৰাত। পূৰ্বৰ কংগ্ৰেছ  চৰকাৰৰ দিনৰ পৰাই বিদ্যুতৰ নাটনি ৰঙাপাৰা সমষ্টিত৷ নিজ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস যদিও ৰাজ্যৰ শক্তিমন্ত্ৰী কিন্তু বিদ্যুতৰ নাটনি বর্তমানেও অব্যাহত আছে। বিদ্যুৎ মন্ত্ৰীৰ সমষ্টিতে আছে এখন বিদ্যুৎ নোহোৱা গাঁও। ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত পানবাৰী নামৰ গাঁৱখনত নাই কোনো বিদ্যুৎৰ ব্যৱস্থা। সম্পূৰ্ণৰূপে সৌৰশক্তিৰ ওপৰতে নিৰ্ভৰশীল গাঁৱখনৰ ৰাইজ৷ কেইবাবাৰো বিদ্যুৎ মন্ত্ৰীৰ কাষ চাপিও কোনো সুফল লাভ কৰিব পৰা নাই গাঁওখনৰ ৰাইজে। ২৪ ঘন্টাই সৌৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লগা ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে নিজে নিৰ্বাচিত কৰি অনা বিধায়ক তথা বিদ্যুৎ মন্ত্ৰীৰ ওপৰত।