গুৱাহাটী, ২৫ মেঃ কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ তৃতীয় বৰ্ষপূতি তথা ৰাজ্যত সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপিৰ মিত্ৰজোঁট চৰকাৰখনৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ গুৱাহাটীত ব্যাপক আয়োজন৷ চৰকাৰখনৰ বৰ্ষপূতি অনুষ্ঠান উদযাপনৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমণক লৈ গুৱাহাটী মহানগৰীৰ ৰেহ-ৰূপত ব্যাপক পৰিৱৰ্তন৷ বেলেগ কিবা হওঁক নহওক গুৱাহাটীৰ ৰাজপথৰ কিন্তু চকুত লগা পৰিৱৰ্তন হৈছে৷ মসৃণ কৰি তোলা হৈছে মহানগৰীৰ বাট-পথ৷ ৰাজপথৰ দুয়ো কাষ-ফ্লাই অভাৰ সকলো জিলিকাই তোলা হৈছে ক’লা-বগা ৰঙেৰে৷ মুঠতে চৰকাৰখনৰ বৰ্ষপূতি পালনৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণক লৈ জিলা প্ৰশাসনে সমগ্ৰ মহানগৰীত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ কিন্তু ইমান ব্যাপক প্ৰস্তুতিৰ মাজতো এটা বিশেষ পদক্ষেপ লোৱা হৈছে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা৷ মেয়ৰ মৃগেন শৰণীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমে চলাইছে এক ব্যতিক্ৰমী চাফাই অভিযান৷ মোদীৰ আগমণত গো ধন হৈ পৰিছে মেয়ৰৰ ডাঙৰীয়াৰ মূৰৰ কামোৰনি৷ মোদীৰ ভ্ৰমণৰ সময়ত যাতে বাটে পথে হঠাৎ গাড়ী ৰখাই দিবলগীয়া অনাকাংখিত পৰিস্হিতিৰ সৃষ্টি নহয়, ইয়াৰ বাবে মেয়ৰ ডাঙৰীয়াই চলাইছে গো-ধন চাফাই অভিযান ৷  সেয়ে, মহানগৰীৰ ৰাজপথৰ শ শ গৰু এতিয়া পৌৰ নিগমৰ খোৱাৰত আৱদ্ধ৷ গুৱাহাটীৰ বাট পথত পৌৰ নিগমৰ কৰ্মীয়ে গাড়ীয়ে গাড়ীয়ে উঠাইছে ৰাজপথৰ গৰু৷ পথত বিচৰণ কৰি ফুৰা গো-ধনে যাতে প্ৰধানমন্ত্ৰীক অস্বস্তিত নেপেলাই তাৰবাবে নিশা চাফাই চলাইছে পৌৰ নিগমৰ কৰ্মীয়ে৷ যদি মহানগৰৰ কাৰোবাৰ ৰাজপথত অনাই-বনাই ঘূৰি-ফুৰা গৰু ঘৰলৈ আহি পোৱা নাই যদি তেন্তে চিন্তিত নহ’ব৷ পৌৰ নিগমৰ খোৱাৰলৈ আহি জৰিমণা দি লৈ যাওক আপোনাৰ গো-ধন৷ অন্যথা ৭ দিনৰ পিচত ৰাজপথত অনাই-বনাই ঘূৰি-ফুৰা আপোনাৰ গো-ধন আপোনাৰ হৈ নাথাকিব৷  পৌৰ নিগমে ৰাজপথত গৰাকীবিহীন ভাবে ঘূৰি-ফুৰা গৰুক আগে-পিছে এনেদৰে তুলি আনি খোৱাৰত ভৰাই থয়৷ কিন্তু এইবাৰ প্ৰধানমন্ত্ৰীৰ গৰাকীৰ অসম ভ্ৰমণে পৌৰ-নিগমক ৰাজপথৰ পৰা গো-ধন চাফাই অভিযানত অধিক সক্ৰিয় কৰি তুলিছে৷