কুন্দন ভৰালী

নগাঁও

১৩ ফেব্ৰুৱাৰী

নগাঁৱত নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড৷ নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় ১৫ টাতকৈও অধিক ঘৰ। অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ীয়ে প্ৰায় দুঘণ্টাৰ অন্তত নিৰ্বাপন কৰে জুই৷

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ সমীপৰ ফাঁচিৰোড পানীটেংকিত নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত অঞ্চলটোত দাওদাও কৈ জ্বলি উঠে কেইবাটাও ঘৰ। নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডৰ পৰা ঘৰৰ এপদো সামগ্ৰী বচাব নোৱাৰিলে ফাঁচিৰোডৰ ৰে’ল আলিৰ দাঁতিত বাস কৰা পৰিয়াল কেইটাই৷ সম্পূৰ্ণ ৰূপে জুইত জাহ গ’ল আকবৰ আলি, ভাইটি আলি, চুকুৰ আলি, আছাদুল হক, মাইনুল হক, আবুত আলমৰ ঘৰৰ লগতে ১৫ টাতকৈও অধিক ঘৰৰ সকলো সামগ্ৰী৷ মাজনিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডকলৈ হাহাকাৰ লাগে স্থানীয় ৰাইজৰ মাজত৷ অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ীয়ে প্ৰায় দুঘণ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷

অগ্নিকাণ্ডৰ কাৰণ নিশ্চিত হোৱা নাই যদিও একাংশই ৰে’ল লাইনৰ দাঁতিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা লোক সকলৰ ঘৰত নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে৷ ইফালে আন একাংশই বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ আশংকা কৰিছে৷