হাস্না বেগম

গুৱাহাটী
২৫ ফেব্ৰুৱাৰী

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। চৰকাৰখনে একমাত্ৰ বণিয়া গোষ্ঠীৰ স্বাৰ্থত চকু মুদা কুলিৰ ভাও জুৰিছে বুলি অভিযোগ উত্থাপন। পৰিৱৰ্তন আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনক তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান।

বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মহানগৰ সমিতিৰ সভাপতি সঞ্জীৱ বৰা আৰু সম্পাদক প্ৰণৱ ডেকাৰ নেতৃত্বত কামৰূপ জিলাৰ বিভিন্ন স্থানৰ পৰা অহা দুই সহস্রাধিক লোকে মাছখোৱাৰ লাচিত ঘাটৰ পৰা প্ৰতিবাদী সমদল উলিৱাই উপায়ুক্তৰ কাৰ্যলয়লৈ আগবাঢ়ি যায় আৰু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন স্মাৰকপত্ৰ যোগে জিলা উপায়ুক্তক আহ্বান জনায়। গ্ৰাহকৰ ওপৰত লুন্ঠন চলোৱা একাংশ অসৎ ব্যৱসায়ীয়ে অবৈধভাৱে মূল্যবৃদ্ধি ঘটাই গৈ থকা কাৰ্যৰ প্ৰতি চৰকাৰে নীৰৱে সমৰ্থন জনোৱা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিৰোধ গঢ়ি তুলিবলৈ সঞ্জীৱ বৰাই এখন গোহাৰি প্ৰকাশ কৰি ৰাইজলৈ আহ্বান জনায়। প্ৰতিবাদীস্থলীত উপস্থিত হৈ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে “পৰিৱৰ্তন, উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰে জনতাক অভুৱা ভৰিছে। দাইল, পিয়াজ, মিঠাতেল, ঔষধ আদি অত্যাবশকীয় সামগ্রীৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল, ৰড, চিমেন্ট আদি সকলো সামগ্রীৰ মূল্য কেইবাগুনো বৃদ্ধি পাইছে। যোৱা ৪ বছৰত ৰাজ্যত সামগ্রীৰ মূল্য ২০% ৰ পৰা ১০০% বৃদ্ধি পাইছে।মূল্যবৃদ্ধিয়ে জনতাৰ মূৰত মাধমাৰ শোধোৱাৰ পিছতো যোগান মন্ত্রী আৰু মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ ৰহস্যজনক নীৰৱ ভূমিকা অতি লজ্জাজনক।”

প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ সকলো বিষষববীয়া, কৰ্মকৰ্তাৰ উপৰিও জাতীয় পৰিষদৰ ভাতৃ আৰু ভগ্নী সংগঠন ক্ৰমে জাতীয় যুৱ শক্তি আৰু জাতীয় মহিলা শক্তিৰ সহস্রাধিক কৰ্মকৰ্তা আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী অসম জাতীয় পৰিষদৰ কৰ্মকর্তা সকলে অসম চৰকাৰৰ জনবিৰোধী কাৰ্যৰ ফলত ৰাইজ জুৰুলা হৈ পৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখন ব্যৰ্থ হোৱা বুলি মন্তব্য প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীয়ে চৰকাৰখনক তীব্র গৰিহণা দিয়ে।