মাজুলী, ১ জুনঃ মাজুলীৰ এজন ছাত্ৰৰ কৰুণ জীৱনগাঁঠা৷ দৰিদ্ৰতাৰ মাজেৰে উজ্বলি উঠা এই প্ৰতিভাই সকলোৰে হৃদয় চুই গৈছে। ঘৰৰ নামত এটা জীৰ্ণ ভগা পঁজা, খাবলৈ খুদ কণৰ অভাৱ, মাতৃ মানসিক বিকাৰগ্ৰস্ত৷ ইয়াৰ মাজতে নিজৰ কঠোৰ সাধনাৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত চাৰিটা  বিষয়ত লেটাৰ সহ ষ্টাৰমাৰ্ক লৈ উৰ্ত্তীণ হয় মাজুলী মিলনপুৰ গাঁৱৰ দেৱজিত শইকীয়। ঘৰে ঘৰে দিনা হাজিৰা কৰি এসাঁজ খাই এসাঁজ লঘোণে থাকি স্ব-প্ৰতিভাৰে উজলিল দিলিপ শইকীয়া আৰু কশল্যা শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ দেৱজিত। ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, অসমীয়া আৰু ঐচ্ছিক অসমীয়াত লেটাৰ নম্বৰ লাভ কৰা দেৱজিতে নিজে হাজিৰা কৰাৰ উপৰি ভোকত আনৰ ঘৰত ভাত খুজি খাই অধ্যয়ন কৰে। চৰকাৰী সাহাৰ্য্য লাভ নকৰা দেৱজিতে দুখন তক্টা যোৰা লগাই পঢ়া-শুনা কৰে। ছাত্ৰজনৰ এই আশা ব্যঞ্জক ফলাফলে মাজুলীবাসীক আনন্দিত কৰিছে। দেৱজিতৰ পৰিয়ালে দেৱজিতক বতৰ্মান সময়ত আগুৱাই যোৱাত সহায় কৰিবলৈ আহ্বান জনাইছে।